চীনে পুনৰ টাইৱানৰ আশে-পাশে সামৰিক ‘আগ্ৰাসন’ আৰম্ভ কৰিছে। যোৱা ২৪ ঘন্টাত টাইৱান অভিমুখে চীনে ৭১খন যুদ্ধ বিমানআৰু ৭খন জাহাজ প্ৰেৰণ কৰিছে। এই জাহাজসমূহৰ কিছুমানে ইতিমধ্যে টাইৱান জলদ্বীপ অতিক্ৰম কৰিছে বুলি পশ্চিমীয়া সংবাদ মাধ্যমৰ এটা অংশই দাবী কৰিছে।
যোৱা শনিবাৰে আমেৰিকাই সামৰিক খণ্ডত ব্যয় বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল। পেন্টাগনে টাইৱানৰ বাবে পৃথক পুঁজিৰ কথা ঘোষণা কৰে। চীনে আমেৰিকাৰ এই সিদ্ধান্তক ভালদৰে গ্ৰহণ কৰা নাই। চীন সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুখপাত্ৰ ছি য়িয়ে যোৱা দেওবাৰে নিশা এক বিবৃতিত কয় যে চীনে টাইৱানৰ বিষয়ে আমেৰিকাৰ এই প্ৰৰোচনাক ভালদৰে গ্ৰহণ কৰা নাই। ইয়াৰ পিছত তেওঁ টাইৱানক কেন্দ্ৰ কৰি সামৰিক টহল আৰু সামৰিক অনুশীলনৰ কথা ঘোষণা কৰে।
ছিৰ ভাষণৰ পূৰ্বে যুদ্ধ জাহাজ টাইৱানলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছিল চীনে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বেইজিং প্ৰশাসনে টাইৱানক চীনৰ অংশ বুলি গণ্য কৰি আহিছে ৷আনহাতে আমেৰিকাই টাইৱানক স্বাধীন দেশৰ মৰ্যাদা দিয়ে যদিও আনুষ্ঠানিকভাৱে সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই । সামৰিক বাজেটত টাইৱানৰ বাবে ধন আবণ্টন দিয়াৰ সিদ্ধান্তক চীনে সাৰ্বভৌমত্বত “হস্তক্ষেপ” বুলি অভিহিত কৰিছে ৷ চীনে টাইৱানৰ স্বাধীনতাৰ বাবে আমেৰিকাৰ এই “সহায়”ৰ বিৰুদ্ধে টাইৱানৰ চাৰিওফালে সামৰিক অনুশীলন চলোৱাৰ সিদ্ধান্ত লৈছে। টাইৱানে অৱগত কৰিছে যে তেওঁলোকে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।
যোৱা আগষ্ট মাহত আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ নেন্সি পেলোছিৰ টাইৱান ভ্ৰমণে চীন আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক উত্তেজনাময় কৰি তুলিছিল। সেই সময়ত চীনে এমাহৰো অধিক সময় টাইৱান জলদ্বীপৰ কাষেৰে সামৰিক অনুশীলন অব্যাহত ৰাখিছিল।