আমাৰ দেশ ভাৰতবৰ্ষৰ এখন আচৰিত গাওঁ ৷ যিখন গাঁৱৰ কথা শুনি আচৰিত হয় সকলো ৷এটি সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি এই গাঁওখনৰ মাটিত আছে এক বিশেষ গুণ ৷ নাগ দেৱতাৰ আশীৰ্বাদপুষ্ট এই গাঁওখনৰ মাটিৰ ইমানেই শক্তি যে এই মাটি খুৱাই দিয়াৰ লগে লগে দূৰ হয় যিকোনো বিষাক্ত সাপৰ বিষ৷
সঁচাকৈয়ে এই গাঁওখনত নাগ দেৱতাৰ আশীৰ্বাদ থকা বুলি বিশ্বাস কৰা হয় আনহাতে গাঁওখনৰ মাটিৰ ইমান শক্তি আছে যে কেৱল এই মাটি সৰ্পই দংশন কৰোঁতাজনক খুৱাই দিলেই যিকোনো বিষাক্ত সাপৰ বিষ নোহোৱা হৈ পৰে ।
নাগ পঞ্চমী উপলক্ষে পুৱাৰে পৰা ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰত ভক্তৰ সমাবেশ দেখা যায়। বাবা আৰু নাগ দেৱতাক পূজা কৰিবলৈ ইয়াত উপস্থিত হয় হাজাৰ হাজাৰ ভক্ত। হাতত গাখীৰ, তামোল, ফুল, ধূপ আদি লৈ তেওঁলোকে শাৰী পাতি পূজা কৰিবৰ বাবে অপেক্ষা কৰে।
কিংবদন্তি অনুসৰি বহু শতিকাৰ আগতে এই গাঁওখনৰ এজন লোকে এটা সাপৰ প্ৰাণ ৰক্ষা কৰিছিল, যাৰ বিনিময়ত সাপে তেওঁক বৰদান দিছিল যে কেৱল এই গাঁৱৰ মাটি খালেই যিকোনো বিষাক্ত সাপৰ বিষ খন্তেকতে নোহোৱা হৈ পৰিব আৰু সাপে খোটা ব্যক্তিজনক যদি সময় থাকোতেই এই গাঁৱৰ সীমালৈকে লৈ অনা হয়, তেন্তে তেওঁৰ জীৱন ৰক্ষা পৰিব। যি বিশ্বাস আজিও চলি আছে এই বিশেষ গাঁওখনত।
এই কাৰণেই নাগ পঞ্চমীৰ দিনা ৰায়গড়, বিলাসপুৰ, মহাসমুণ্ড, কোৰবা, বালোদবজাৰকে ধৰি দূৰ-দূৰণিৰ পৰা কাইঠা গাঁৱলৈ বাবাক লগ কৰিবলৈ বহু লোকৰ আগমন ঘটে আৰু তেওঁলোকে প্ৰাৰ্থনা কৰি ইয়াৰ মাটি নিজৰ ঘৰলৈ লৈ যায়।