VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সঁচাকৈয়ে বিপদত পৰিছে নেকি জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ ঐতিহাসিক ক্ষেত্ৰ?

দুটা দশকত ধ্বংসপ্ৰাপ্ত হৈছে শ্ৰী নগৰৰ প্ৰায় ৪২টাকৈ ঐতিহাসিক স্থান

voicedesk by voicedesk
December 10, 2022
in সমাজ
সঁচাকৈয়ে বিপদত পৰিছে নেকি জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ ঐতিহাসিক ক্ষেত্ৰ?
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ (INTACH)ৰ এক সমীক্ষাত দেখা গৈছে যে যোৱা দুটা দশকত শ্ৰী নগৰৰ  প্ৰায় ৪২টাকৈ  ঐতিহাসিক স্থান ধ্বংস হৈছে।২০০৩ চনত শ্ৰীনগৰত মুঠ ৩৪৯টা ঐতিহাসিক স্থান আছিল, যিটো ২০২২ চনত ৩০৭টালৈ হ্ৰাস পাইছে।

ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজৰ সভাপতি মহম্মদ চেলিম বেইগৰ মতে  দুটা দশকত এই অঞ্চলৰ ১২% স্থান ধ্বংস হোৱাৰ বিপৰীতে ৬% ঠাই ধ্বংসাৱশেষত পৰিণত হৈছে। শেহতীয়াকৈ তেওঁলোকে  স্মাৰ্ট চিটি প্ৰকল্পৰ বাবে  কৰা এক সমীক্ষাত তেওঁলোকে  দেখিলে যে ২০০৩ চনৰ তালিকা অনুসৰি ৫১% ঠাই জৰাজীৰ্ণ হৈ পৰিছে।

চেলিমৰ মতে বহু পুৰণি প্ৰাসাদ  আৰু অট্টালিকাৰ মালিকীস্বত্ব ইয়াৰ সৈতে জড়িত পৰিয়ালসমূহৰ হাতত। গতিকে সেইবোৰ ভাঙি  তেওঁলোকে নতুন ঘৰ সাজিছে। ঝেলুম নদীৰ পাৰত নিৰ্মাণ কৰা এটা পুৰণি অট্টালিকাৰ মালিকে কৈছিল যে তেওঁৰ ঘৰখন ভাঙি পেলাব লগা হৈছে কাৰণ তেওঁৰ  পৰিয়ালক আধুনিক সা-সুবিধাৰ প্ৰয়োজন। আগতে চৰকাৰে ঐতিহ্যমণ্ডিত ভৱনৰ মালিকক সহায় কৰাৰ পৰিকল্পনা কৰিছিল যদিও সেই সহায় কেতিয়াও নাহিল, সেইবাবেই তেওঁলোকে  সেইবোৰ ভাঙি নতুন ঘৰ সাজিব লগা হৈছে।

চেলিমে লগতে এই কথাও কয় যে ২০১০ চনত ঐতিহাসিক স্থানৰ সুৰক্ষাৰ সৈতে জড়িত এখন আইন প্ৰণয়ন কৰা হৈছিল, কিন্তু সেই আইন  কাৰ্যকৰী কৰা হোৱা নাছিল। ফলত ঐতিহাসিক অট্টালিকাবোৰ ভাঙি পেলোৱা হয়। কেন্দ্ৰীয় চৰকাৰে ঐতিহাসিক স্থানসমূহক উদ্যোগ হিচাপে ঘোষণা কৰিছে। এই স্থানসমূহত নতুন প্ৰকল্প আৰম্ভ কৰাৰ সময়ত ৩০% ধন চৰকাৰে দিয়ে। কিন্তু জম্মু-কাশ্মীৰ প্ৰশাসনে এই ধনৰাশি কেন্দ্ৰৰ পৰা এটাও ঐতিহাসিক স্থানৰ বাবে দাবী কৰা নাছিল।

২০২১ চনত ইউনেস্ক’ই ক্ৰাফ্ট আৰু ফ’ক আৰ্ট শিতানত ৪৯খন চহৰৰ ভিতৰত শ্ৰীনগৰক বাছনি কৰিছিল। বিশেষজ্ঞসকলৰ মতে যদি ঐতিহাসিক স্থানসমূহ এনেদৰে ধ্বংস হৈয়েই থাকে, তেন্তে শ্ৰীনগৰে ইউনেস্ক’ৰ ঐতিহ্যৰ স্বীকৃতি  হেৰুৱাব পাৰে।

ৱৰ্ল্ড মনুমেণ্টছ ৱাচৰ তথ্য অনুসৰি শ্ৰীনগৰ চহৰৰ বহু মহাবিদ্যালয়, চিকিৎসালয় আৰু আদালত ব্ৰিটিছ ৰাজৰ সময়ত নিৰ্মাণ কৰা হৈছিল। ডাউনটাউন এলেকাৰ মহাৰাজগঞ্জ, বহৰি কদল, গাড কোচ, মহাৰাজ বজাৰৰ দৰে পৰম্পৰাগত বজাৰসমূহে অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছে। চতুৰ্দশ শতিকাৰ বহু অট্টালিকা  জৰাজীৰ্ণ হ’বলৈ ধৰিছে ৷

Previous Post

শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আদাবাৰীত কবি সন্মিলন সম্পন্ন

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7