নাৰী এগৰাকীৰ স্বামীৰ মৃত্যুৰ পিছতে নাৰীগৰাকীয়ে বিধৱা নাম পায়৷ যাৰ নাথাকে ৰঙীন কাপোৰ নাইবা আ-অলংকাৰ পিন্ধাৰ আধিকাৰ ৷ জীৱনৰ সকলো ৰং পৰিহাৰ কৰি সেইদিনাৰ পৰাই এগৰাকী নাৰী হৈ পৰে উদাসীন ৷ বহু সময়ত মাছ-মাংস ,পিয়াঁজ-নহৰু খোৱাৰ পৰাও বিৰত থাকিব লগীয়া হয় ‘বিধৱা’ নাৰীগৰাকীয়ে ৷
কিন্তু এনে কঠোৰ সামাজিক নিয়ম কানুনৰ বিপৰীতে থিয় হৈ বোঁৱাৰী গৰাকীৰ পক্ষত থিয় হোৱা মানুহ আমাৰ সমাজত বিৰল ৷ অৱশ্যে তাৰমানে এইটো নহয় যে আমাৰ সমাজত এনে মানুহ নাই ৷ শেহতীয়াকৈ এই কথা প্ৰমাণ কৰিলে কলিয়াবৰৰ মাজ-পূবথৰীয়া গাঁৱৰ ৰাইজে ৷ স্বামীৰ মৃত্যুৰ মাত্ৰ ১২দিনৰ পিছতেই সন্তানৰ চেলেং চাদৰ আঁতৰাই ,মহিলাগৰাকীক ৰঙীণ সাজ, আ-অলংকাৰ পৰিধান কৰাই উদাৰতাৰ পৰিচয় দিলে গাঁওখনৰ মহিলাসকলে ৷
এই কথা সামাজিক মাধ্যমত নিজেই প্ৰকাশ কৰিলে দীপামণি বৰা ভূঞা নামৰ এগৰাকী মহিলাই ৷ এগৰাকী সু-লেখিকা তথা সমাজকৰ্মী দীপামণি বৰা ভূঞাই ফেচবুকৰ যোগেদি সকলো কথা ব্যক্ত কৰি গাঁৱৰ ৰাইজক এই উদাৰতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলে ৷ তেওঁৰ স্বামীৰ মৃত কৰ্মৰ ১২ দিনৰ অন্তত গাঁৱৰ মহিলাসকলে ল’ৰাটোৰ গাৰ পৰা চেলেং চাদৰ আঁতৰাই কাপোৰ পিন্ধিবলৈ দিয়াৰ লগতে তেওঁক ৰঙীণ সাজ, আ-অলংকাৰ পৰিধান কৰিবলৈ কোৱাত আনন্দিত হৈ পৰে তেওঁ ৷লগতে তেওঁ কয় যে গাঁওখনৰ ৰাইজে সেইদিনটোৰ পৰাই তেওঁক ৰঙীন সাজ পিন্ধি কপালত ফোঁ ট ল’বলৈ কোৱাৰ সময়ত তেওঁৰ এনে লাগিছিল যাক তেওঁ শব্দেৰে প্ৰকাশ কৰিব নোৱাৰে ৷এনেকুৱা বহল চিন্তাৰে এগৰাকী বিধৱা নাৰীক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়া এনে পৰিবৰ্তন প্ৰতি গৰাকী বিধৱাই যেন লাভ কৰে তেওঁ তাকেই বিচাৰে । এনেকুৱা নিয়ম অসমৰ সকলো ঠাইতে আছে নে নাই তেওঁ নাজানে ৷যদিও কলিয়াবৰৰ মাজপূৱথৰীয়া গাঁৱত এই নিয়ম আছে। স্বামীৰ মৃত্যুৰ ১২ দিনৰ দিনাই যে তেওঁ ৰঙীন কাপোৰ পৰিধান কৰিব পাৰিব এই কথাই তেওঁক আচৰিত কৰিছিল ।
অৱশ্যে স্বামীক সন্মান জনাই তেওঁ এমাহলৈ বগা সাজেই পিন্ধিব আৰু এবছৰলৈ নিপিন্ধে তেওঁৰ প্ৰিয় ৰঙা ৰঙৰ কাপোৰ । কিন্তু তাৰ পিছত মামণি ৰয়ছম গোস্বামী বাইদেউৰ আদৰ্শৰেই আগবাঢ়িব তেওঁ।আনহাতে পৰৱৰ্তী সময়ত এগৰাকী প্ৰতিবাদী নাৰী হিচাপে তেওঁ তেওঁৰ ভাল লগা ধৰণৰ সাজ-পাৰ পৰিধান কৰিব । লগতে স্বামীৰ মৃত্যুৰ পিছত স্বামীৰ নামত সামাজিক ভাৱে কাম কৰি যাবলৈ চেষ্টা কৰিব তেওঁ ৷