ফুড ডেলিভাৰী এপ “Zomato” ব্যৱহাৰকাৰী লোকসকলৰ বাবে এক দুখৰ খবৰ । উল্লেখ্য যে ১৭ ছেপ্তেম্বৰৰ পৰা এই সংস্থাৰ এটি বিশেষ পৰিসেৱা বন্ধ কৰি দিয়া হৈছে। সংস্থাৰ তৰফৰ পৰা ই -মেইল যোগে জনোৱা হৈছে এই বাতৰি।
উল্লেখ্য যে এতিয়াৰ পৰা এই এপৰ জৰিয়তে “Grocery delivery” ৰ সুবিধা লাভ কৰিব নোৱাৰিব গ্ৰাহকে। কৰ’না অতিমাৰীৰ লকডাউনৰ সময়ত “Grocery” সামগ্ৰীৰ অনলাইন ডেলিভাৰিৰ পৰিসেৱা আৰম্ভ কৰিছিল “Zomato” য়ে। কিন্তু অৱশেষত যোৱা শনিবাৰে এই এপটোৱে ই-মেইলৰ জৰিয়তে জনাই যে “Grocery” সামগ্ৰীৰ পৰিসেৱাসমূহ আৰু উপলব্ধ নহ’ব।
উল্লেখ্য যে “Zomato” ৰ বাৰ্তা অনুসৰি সেই সংস্থাই জনাই যে তেঁওলোকে গ্ৰাহকক সদায়েই সৰ্বোত্তম সেৱা প্ৰদান কৰিবলৈ চেষ্টা কৰি আহিছে । কিন্তু বৰ্তমান পৰিস্থিতিত তেঁওলোকে সেই কাৰ্য ভালদৰে কৰিব পৰা নাই। আৰু সেইবাবেই ১৭ ছেপ্তেম্বৰৰ পৰা এই সংস্থাই “Grocery” পৰিসেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।
প্ৰাপ্ত তথ্য মতে আন এটি অনলাইন “Grocery delivery” সংস্থা “Grofer” ৰ লগত অংশীদাৰ হৈছে “Zomato” এপ। উল্লেখ্য যে ৭৪৫ কোটি টকা ব্যয় কৰি সংস্থাৰ কিছু শ্বেয়াৰ কিনিছে “Zomato” য়ে আৰু এই এপটোৰ লগত অংশীদাৰ হোৱাৰ পাছত কিছু ক্ষেত্ৰত ফুড ডেলিভাৰী এপটোৰ লাভ হৈছে বুলিও জানিব পৰা গৈছে।