প্ৰথম গৰাকী ভাৰতীয় ফেন্সাৰ হিচাপে ট’কিঅ অলিম্পিকত ভাগ লৈ ইতিহাস ৰচনা কৰা ভৱানী দেৱী এইবাৰ পুনৰ জিলিকিছে ফ্ৰান্সত অনুষ্ঠিত প্ৰতিযোগিতাত খিতাপ দখল কৰি।
ছাৰ্লেলভিলে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ মহিলাৰ ব্যক্তিগত ছাব্ৰে ইভেন্টত চেম্পিয়ন হ’ল ভৱানী। টুইটাৰত এক টুইট যোগে ২৮ বছৰীয়া খেলুৱৈ গৰাকীয়ে এই কথা সদৰী কৰে আৰু প্ৰশিক্ষক তথা সতীৰ্থ সকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। ২০২২ চনত অনুষ্ঠিত হ’ব লগীয়া এচিয়ান গেমছত সুন্দৰ প্ৰদৰ্শনৰ লক্ষৰে আগবাঢ়ি যাবলৈ প্ৰস্তুতি চলিছে ভৱানীৰ সেয়েহে বিশ্বৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগিতা সমূহত অংশগ্রহণ কৰিবলৈ সাজু হৈছে ট’কিঅ অলিম্পিকত ইতিহাস ৰচনা কৰা খেলুৱৈ গৰাকী।