যুৱ ক্ৰিকেটাৰ হিচাপে আই পি এলত উল্লেখনীয় প্ৰদর্শন কৰিব পাৰিব বুলি সকলোৱে আশা ৰাখিছিল ৰিয়ান পৰাগৰ ওপৰত ৷ আনকি ৰিয়ান পৰাগে নিজেই ভাৰতীয় ক্ৰিকেট টীমৰ শ্ৰেষ্ঠ ফিনিছাৰ হ’ব বিচাৰে বুলি প্ৰকাশ কৰিছিল ৷ কিন্তু তেওঁৰ প্ৰদর্শনে ইয়াৰ এক বিপৰীত দিশহে ডাঙি ধৰিলে ৷ ৰাজস্থান ৰয়েলছৰ বেটছমেনগৰাকীয়ে প্ৰদৰ্শনৰ বাবে নহয় আন বিভিন্ন কাৰণতহে বাতৰিৰ শিৰোনাম দখল কৰিছে। মাৰ্কাছ ষ্ট’ইনিছৰ কেচ তেওঁ ধৰাৰ পাছত নাকচ কৰাৰ লগে লগে তৃতীয় আম্পায়াৰক ঠাট্টা কৰাৰ সময়ত অনুৰাগীৰ মনত ক্ষোভৰ সৃষ্টি হৈছিল ৷ পিছলৈ যেতিয়া তেওঁ ৰান আউটৰ সময়ত জ্যেষ্ঠ ক্ৰিকেটাৰ আৰ অশ্বিনৰৰ ওপৰত হতাশা দেখুৱাইছিল। কিন্তু সকলোতকৈ ডাঙৰ কথাটো এয়ে যে শেহতীয়া আই পি এল সংস্কৰণত পৰাগে ১৭খন মেচ খেলি মাত্ৰ ১৮৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷
যাৰ বাবে জ্যেষ্ঠ ক্ৰিকেটাৰৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰিয়ান পৰাগ ৷ ভাৰতৰ কিংবদন্তি তথা বিশ্বকাপ বিজয়ী প্ৰাক্তন অলৰাউণ্ডাৰ মদনলালে পৰাগক মূল্যায়ন কৰাত কঠোৰতা অৱলম্বন কৰা দেখা গৈছে ৷ লালে কয় যে যে পৰাগ এনে কেইজনমান খেলুৱৈৰ ভিতৰত এজন যিয়ে কোনো উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই ৷ আই পি এলত ২০১৯ত পৰাগে সাতখন মেচত ১৬০ ৰান, ২০২০ চনত ১২ খন মেচত ৮৬ ৰান আৰু ২০২১ চনত ১১ খন খেলত ৯৩ ৰান সংগ্ৰহ কৰিছিল ৷ লালে স্প’ৰ্টছ টকত কয়-“ৰিয়ান পৰাগে সকলো মেচ খেলিছে যদিও এটাও প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই। তেওঁৰ কথা ক’বলৈ গ’লে… তেওঁ ইমান ডাঙৰ খেলুৱৈ নহয় যিয়ে খেল সলনি কৰিব পাৰে। এতিয়ালৈকে আই পি এলত যিমান খেলুৱৈ খেলিবলৈ সুযোগ লাভ কৰিছে , তেওঁলোকে সকলোৱে উন্নতি দেখুৱাইছে আৰু আগুৱাই গৈছে ।কিন্তু এই খেলুৱৈজনে (পৰাগ) যিমানখিনি সুযোগ পাইছে তাৰ প্ৰতি লক্ষ্য ৰাখি কোনো অগ্ৰগতি দেখুওৱা নাই।টি ২০ ক্ৰিকেটত তেওঁ যি স্লটত খেলে সেয়া অতি গুৰুত্বপূৰ্ণ।কাৰণ সেইটো য’ত আপুনি ত্বৰান্বিত কৰিব পাৰে আৰু ৰান স্ক’ৰ কৰিব পাৰে।এতিয়া যদি আপুনি তাৰ পৰা ৰান স্ক’ৰ কৰিব নোৱাৰে তেন্তে আপোনাৰ অসুবিধাবোৰ বৃদ্ধিহে হ’ব।’অৱশ্যে ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক তথা পৰিচালক কুমাৰ ছাংগাকাৰৰ পৰা শক্তিশালী সমৰ্থন লাভ কৰিছে ৰিয়ান পৰাগে ।