শুকুৰবাৰে আই পি এলৰ খেলত ছানৰাইজাৰ হায়দৰাবাদ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ’ব। মহেন্দ্ৰ সিং ধোনিৰ বিৰুদ্ধে পেট কামিন্সৰ দলৰ গুৰুত্বপূৰ্ণ খেলৰ পূৰ্বে বিপদত পৰিল হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যন। তেলেংগানা ৰাজ্যিক বিদ্যুৎ কোম্পানীয়ে বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে উপল ষ্টেডিয়ামৰ সংযোগ বিচ্ছিন্ন কৰিছে। এইচ চি এ কৰ্তৃপক্ষক বাৰে বাৰে সতৰ্কবাণী পত্ৰ প্ৰেৰণ কৰাৰ পিছতো কোনো সঁহাৰি নিদিয়া বুলি দাবী কৰিছে বিদ্যুৎ কোম্পানীটোৰ বিষয়াসকলে। এনে পৰিস্থিতিত শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ খেলখনক লৈ সন্দেহৰ সৃষ্টি হৈছে।
তেলেংগানা ষ্টেট চাৰ্ডান পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ কৰ্তৃপক্ষই দাবী কৰিছে যে এইচ চি এৰ বাকী থকা বিদ্যুৎ বিলৰ পৰিমাণ ১ কোটি ৬৩ লাখ ৯৪ হাজাৰ ৫২১ টকা। অৱশ্যে হায়দৰাবাদৰ ক্ৰিকেট বিষয়াসকলে এই দাবীৰ সৈতে একমত নহয়। জনা যায় যে এইচ চি এৰ বিদ্যুতৰ বিলৰ বাবে ৩ কোটি ৫ লাখ ১২ হাজাৰ ৭৯০ টকা ঋণ আছিল। ইয়াৰে মূল বিলৰ পৰিমাণ আছিল ১ কোটি ৪১ লাখ ১৮ হাজাৰ ২৬৯ টকা। বাকী ১ কোটি ৬৩ লাখ ৯৪ হাজাৰ ৫২১ টকা আছিল চাৰ্জ । এইচ চি এয়ে তেলেংগানা ৰাজ্যিক বিদ্যুৎ কোম্পানীক ক’ৰ’না মহামাৰীৰ বাবে চাৰ্জ ৰেহাই দিবলৈ অনুৰোধ জনাইছিল। কিন্তু বিদ্যুৎ কোম্পানীটোৱে যোৱা ফেব্ৰুৱাৰী মাহত জনাইছিল যে এই বৃহৎ পৰিমাণৰ ধন ৰেহাই দিয়া সম্ভৱ নহয়। এই জাননী লাভ কৰাৰ ১৫ দিনৰ ভিতৰত প্ৰাপ্য ধন জমা কৰিবলৈ এইচচিএক নিৰ্দেশ দিয়া হয়। যদি নহয় তেনেহ’লে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
হায়দৰাবাদ ক্ৰিকেট সন্থাই ধন পৰিশোধ নকৰাত বৃহস্পতিবাৰে তেলেংগানাৰ বিদ্যুৎ কৰ্তৃপক্ষই উপপাল ষ্টেডিয়ামৰ বিদ্যুৎ যোগান বিচ্ছিন্ন কৰে। হায়দৰাবাদ-চেন্নাই খেলৰ প্ৰাকক্ষণত এনে পৰিস্থিতিৰ বাবেই বিপদত পৰিছে হায়দৰাবাদ ক্ৰিকেট বিষয়া। বিকল্প ব্যৱস্থা কৰি শুকুৰবাৰৰ খেলখন আয়োজন কৰাৰ চেষ্টা কৰিছে। কাৰণ এই মুহূৰ্তত আই পি এলৰ সূচী সলনি কৰিব নোৱাৰি।
বিগত দুবছৰ ধৰি হায়দৰাবাদ ক্ৰিকেট সন্থাৰ বিৰুদ্ধে আৰ্থিক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে। কিছু মাহ পূৰ্বে হায়দৰাবাদৰ মহিলা ক্ৰিকেট দলৰ প্ৰশিক্ষকক দলীয় বাছত মদ্যপান কৰি বৰ্খাস্ত কৰা হৈছিল।