নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত নতুন নজিৰৰ সৃষ্টি হ’ল। অষ্ট্ৰেলিয়াৰ কেমেৰন গ্ৰীণ আৰু জোছ হেজলউডে এক নজিৰ গঢ়ি তুলিলে। ৱেলিংটন টেষ্টত অষ্ট্ৰেলিয়াৰ দশম উইকেট অংশীদাৰিত্বত তেওঁলোকে ১১৬ ৰান সংগ্ৰহ কৰে। টেষ্ট ক্ৰিকেটত নিউজিলেণ্ডৰ বিৰুদ্ধে দশম উইকেটৰ অংশীদাৰিত্বত অষ্ট্ৰেলিয়াই ইমান ৰান পূর্বে কেতিয়াও সংগ্ৰহ কৰা নাছিল।
অষ্ট্ৰেলিয়াই ২৬৭ ৰানত ৯টা উইকেট হেৰুৱাই শেষ উইকেটৰ বাবে টিম চাউথীৰ দলটোৱে ৩১.১ অভাৰ অপেক্ষা কৰিবলগীয়া হৈছিল। এই সুযোগতে গ্ৰীণ আৰু হেজলউডে দলটোৰ ৰান বৃদ্ধি কৰে। চাৰি নম্বৰত বেটিং কৰিবলৈ নামি অহা অলৰাউণ্ডাৰজনক নিউজিলেণ্ডৰ বলাৰসকলে আউট কৰিব নোৱাৰিলে। ১৭৪ ৰানেৰে তেওঁ অপৰাজিত হৈ থাকে। হেজলউডৰ স্ক’ৰ হৈছে ২২ ৰান ৷ তেওঁলোকৰ অনমনীয় যুঁজৰ বাবেই এক নজিৰৰ সৃষ্টি হৈছে।
নিউজিলেণ্ডে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ ইনিংছ শেষ কৰিব বিচাৰিছিল। চাউথীয়ে অনুৰোধ কৰা মতে আম্পায়াৰসকলে দুপৰীয়াৰ আহাৰত ৩০ মিনিট পলম কৰে। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত দ্বিতীয়াৰ্ধ আৰম্ভ হোৱাৰ ২০ মিনিট পিছতে অষ্ট্ৰেলিয়াৰ ইনিংছ শেষ হয়। শেষৰ উইকেটত হেজলউডৰ সৈতে অংশীদাৰিত্বৰে গ্ৰীনে ৬৪ বলত ৫০ ৰান আৰু ১৩৩ বলত ১০০ ৰান সংগ্ৰহ কৰে।
অষ্ট্ৰেলিয়াই ৮৯ ৰানত ৪ উইকেট হেৰুৱায়। তাৰ পৰাই গ্ৰীনে দলটোক পৰৱৰ্তী বেটছমেনৰ সৈতে যুঁজিব পৰা অৱস্থাত ৰাখে। শেষত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ ৩৮৩ ৰানেৰে সমাপ্ত হয়। ইয়াৰ বিপৰীতে নিউজিলেণ্ডে প্ৰথম ইনিংছত ১৭৯ ৰান সংগ্ৰহ কৰে।