ইয়াৰ পূৰ্বে ক্ৰীছ গেইলে বিগ বেছ লীগত এটা ইনিংছত সৰ্বাধিক ছয়ৰ অভিলেখ গঢ়িছিল। কিন্তু গেইল অকলশৰীয়া নাছিল, বিগ বেছ লীগত এটা ইনিংছত সৰ্বাধিক ছয়ৰ অভিলেখ ক্ৰেগ ছাইমনছ আৰু ক্ৰীছ লিনৰ হাতত আছিল।কিন্তু জ’ছ ব্ৰাউনে একেলগে তিনিওজন ক্ৰিকেটাৰৰৰ অভিলেখ ভংগ কৰে। তেওঁ ১২টা ছয় কোবাই এই অভিলেখ ভংগ কৰে ৷
সোমবাৰে বিগ বেছ লীগৰ মাজত এডিলেইড ষ্ট্ৰাইকাৰছ আৰু ব্রিজবেন হিটৰ মাজত এখন খেল অনুষ্ঠিত হয়৷ সেই মেচখনত ব্ৰাউনে ৫৭টা বলত ১৪০ ৰান সংগ্ৰহ কৰে। ১০টা চাৰি আৰু ১২টা ছয় মাৰি তেওঁ এই ৰাণ সংগ্ৰহ কৰে । নৱম ছয়টো মাৰি ব্ৰাউনে শতক অৰ্জন কৰে। ৪১টা বলত ব্ৰাউনে শতক অর্জন কৰে। বিগ বেছৰ ইতিহাসৰ দ্ৰুততম শতকৰ তালিকাত ই দ্বিতীয় স্থানত আছে। ইয়াৰ পূৰ্বে গ্লেন মেক্সৱেলেও ৪১ বলত শতক অৰ্জন কৰিছিল। কিন্তু দ্ৰুততম শতকাৰ অভিলেখ অক্ষুণ্ণ হৈ থাকিল। ছাইমনছে ৩৯টা বলত শতক অৰ্জন কৰে। ২০১৪ চনত এডিলেইডৰ বিৰুদ্ধে সেই অভিলেখ গঢ়িছিল তেওঁ ।
৩০ বছৰীয়া ব্ৰাউনে অষ্ট্ৰেলিয়াৰ হৈ খেলা নাই। ঘৰুৱা ক্ৰিকেটত তেওঁ এখন এ পর্যায়ৰ মেচ আৰু ২২ খন টি-২০ খেল খেলিছিল।