ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ আগন্তুক চিজনৰ বাবে খেলুৱৈৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ কালি অন্ত পৰে ৷ মুঠ ১,২১৪ জন খেলুৱৈয়ে আই পি এল নিলামত অংশ হ’বলৈ চুক্তিবদ্ধ হৈছে। ইয়াৰে ৮৯৬ জন ভাৰতীয় আৰু ৩১৮ জন বিদেশী খেলুৱৈ ৷ অহা ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া বৃহৎ নিলামত বিশ্ব ক্ৰিকেটৰ তাৰকাসকলক নিজৰ দলত অর্ন্তভুক্ত কৰিবলৈ ১০ টা দলে নিলামত ভাগ ল’ব ৷ এইবাৰ আই পি এলৰ দুটা নতুন দল আহমেদাবাদ আৰু লক্ষ্ণৌয়েও আগন্তুক মেগা নিলামৰ আগতে তেওঁলোকৰ খচৰা বাছনিৰ নামৰ তালিকা প্ৰদান কৰিছে ৷
আহমেদাবাদে হাৰ্দিক পাণ্ডিয়াক ১৫ কোটি টকা, ৰছিদ খানক ১৫ কোটি টকা, আৰু শুভমান গিলক ৮ কোটি টকাত বাছনি কৰিছে। আনহাতে লক্ষ্ণৌৱে কে এল ৰাহুলক ১৭ কোটি টকা, মাৰ্কাছ ষ্টইনিছক ৯.২ কোটি টকা , আৰু ৰবি বিষ্ণয়ক ৪ কোটি টকাত ক্ৰয়ৰ বাবে বাচনি কৰিছে ৷
আই পি এলৰ পুনৰ ক্ৰয়ৰ চূড়ান্ত বাচনি তালিকা:
চিএছকেঃ ৰবীন্দ্ৰ জাদেজা (১৬ কোটি), এম এছ ধোনী (১২ কোটি), মইন আলী (৮ কোটি), ৰুতুৰাজ গায়কৱাড় (৬ কোটি)
কেকেআৰ: আন্দ্ৰে ৰাছেল (পাৰ্চৰ পৰা ১২ কোটি, ১৬ কোটি কৰ্তন কৰিব লাগিব), বৰুণ চক্ৰৱৰ্তী (পাৰ্চৰ পৰা ৮ কোটি, ১২ কোটি কৰ্তন কৰিব লাগিব), ভেঙ্কটেশ আয়াৰ (৮ কোটি), সুনীল নাৰিন (৬ কোটি)
এছআৰএইচ: কেন উইলিয়ামচন (১৪ কোটি), আব্দুল চামাদ (৪ কোটি), উমৰণ মালিক (৪ কোটি)
এমআইঃ ৰোহিত শৰ্মা (১৬ কোটি), যশপ্ৰীত বুমৰাহ (১২ কোটি), সূৰ্যকুমাৰ যাদৱ(৮ কোটি), কাইৰন প’লাৰ্ড (৬ কোটি)
আৰচিবিঃ বিৰাট কোহলী (১৫ কোটি), গ্লেন মেক্সৱেল (১১ কোটি), মহম্মদ চিৰাজ (৭ কোটি)
ডিচি: ঋষভ পন্ত (16 কোটি), অক্সাৰ পেটেল (9 কোটি, 12 কোটি পাৰ্চৰ পৰা কৰ্তন কৰিব লাগিব), পৃথ্বী শ্ব (7.5 কোটি, পাৰ্চৰ পৰা 8 কোটি কৰ্তন কৰিব লাগিব), অন্দ্ৰিচ নৰ্টজে (6.5 কোটি)
আৰআৰ: সনজু চেমছন (১৪ কোটি), জছ বাটলাৰ (১০ কোটি), যশস্বি জয়ছোৱাল (৪ কোটি)
পিবিকেএছ: মায়াংক আগৰৱালা (পাৰ্চৰ পৰা ১২ কোটি, ১৪ কোটি কৰ্তন কৰিব লাগিব), অৰ্শদীপ সিং (৪ কোটি)
লক্ষ্ণৌঃ কে এল ৰাহুল (১৭ কোটি টকা), মাৰ্কাছ ষ্টইনিছ (৯.২ কোটি টকা), ৰবি বিষ্ণোই (৪ কোটি টকা)
আহমেদাবাদঃ হাৰ্দিক পাণ্ডিয়া (১৫ কোটি টকা), ৰছিদ খান (১৫ কোটি টকা), শুভমান গিল (৮ কোটি টকা)