টেনিছৰ ক্ষেত্ৰখনত পুনৰ উজলি উঠিল নতুন তাৰকা ৷ মাত্ৰ ১৯ বছৰ বয়সতে দেওবাৰে ইউ এছ অ’পেনৰ খিতাপ দখল কৰিলে কাৰ্লোছ আলকাৰাজে ৷ ইউ এছ অ’পেনৰ জয়ৰ লগে লগে কাৰ্লোছ আলকাৰেজ ২০০৫ চনত (ফ্ৰেঞ্চ অ’পেন) ৰাফেল নাডালৰ পিছত গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা আটাইতকৈ কম বয়সীয়া আৰু ১৯৯০ চনত পিট ছাম্প্ৰাছৰ পিছত পুৰুষৰ টেনিছত গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৷
এই খিতাপৰ লগে লগে আলকাৰাজৰ বাবে ৰৈ আচিল আন এক সুখবৰে ৷ স্পেনিছ খেলুৱৈগৰাকীয়ে পুৰুষৰ একক টেনিছৰ ১ নম্বৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। ১৯৭৩ চনৰ আগষ্ট মাহত এ টি পি ৰেংকিং আৰম্ভ হোৱাৰ পিছৰে পৰা কোনো কিশোৰেই ইমান কম বয়সত এই স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ আলকাৰেজৰ পূৰ্বে ২০০১ চনত ২০ বছৰ ৯ মাহত লেইটন হিউইট আছিল বিশ্বৰ আটাইতকৈ কম বয়সীয়া ১ নং স্থানৰ খেলুৱৈ । ইউ এছ অ’পেনৰ খিতাপ ৰক্ষা কৰাত ব্যৰ্থ হোৱাৰ পিছত ডেনিল মেদভেডেভে সেই স্থান হেৰুৱাটো নিশ্চিত হৈ পৰে ৷ ২০১৬ চনত ষ্টেনিছলাছ ৱাৱৰিংকাৰ পিছত মেচ পইণ্ট ৰক্ষা কৰি ইউ এছ অ’পেন জয় কৰা প্ৰথমজন তাৰকা হিচাপে পৰিগণিত হৈছে আলকাৰেজ। প্ৰতিদ্বন্দী কেছপাৰ ৰুডক ফাইনেলত ৬-৪, ২-৬, ৭-৬(১), ৬-৩ ছেটত জয়লাভ পৰাজিত কৰে আলকাৰাজে ৷