ক্ৰীড়া জগতলৈ ইংৰাজী নৱবৰ্ষ ২০২২এ লৈ আহিছে এক সুখবৰ ৷ ২০২২বৰ্ষটো হ’ব ক্ৰীড়াসূচীৰে ভৰা ৷ কৰোণাৰ ভয়াবহতাক নেওচি সুকলমে আয়োজিত হৈছে ট’কিঅ’ অলিম্পিক ,কোপা আমেৰিকা,ইউৰো কাপ আৰু টি-২০ বিশ্বকাপৰ দৰে জনপ্ৰিয় খেলসমূহ ৷
২০২২বৰ্ষটো এক স্মৰণীয় বৰ্ষ হৈ ৰ’ব ক্ৰীড়াপ্ৰেমী তথা খেলুৱৈ সকালৰ বাবে ৷ ফিফা বিশ্বকাপ ফুটবলৰ বছৰ ২০২২ ৷ সময়ৰ কিছু তাৰতম্য ঘটাই এইবাৰ বিশ্বকাপ অনুষ্ঠিত হ’ব নৱেম্বৰ ডিচেম্বৰ মাহত ৷ প্ৰতি বছৰে অনুষ্ঠিত হোৱা নিয়মিত ক্ৰীড়া সমূহৰ উপৰিও এইবাৰ অনু্ষ্ঠিত হ’ব মহিলাৰ এদিনীয়া বিশ্বকাপ,মহিলাৰ হকী বিশ্বকাপ ,শীতকালিন পেৰা অলিম্পিক ,কমনৱেল্থ গেমছ,এছিয়ান গেমছ আৰু টি-২০ বিশ্বকাপ ৷
- ১৭জানুৱাৰীঃ-অষ্ট্ৰেলিয়ান অ’পেন
- ৪ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈঃ-মহিলাৰ এদিনীয়া বিশ্বকাপ
- ৪মাৰ্চৰ পৰা ১৩ এপ্ৰিললৈঃ-শীতকালীন পেৰা অলিম্পিক
- ২২মে’ৰ পৰা ৫ জুনলৈঃ-ফ্ৰেন্স অ’পেন
- ২৮মে’ :-চেম্পিয়নছ লীগ ফাইনেল
- ২৭জুনৰ পৰা ১০জুলাই:-উইম্বলডন
- ১জুলাইৰ পৰা ১৭ জুলাই:-মহিলা হকী বিশ্বকাপ
- ২২জুলাইৰ পৰা ৩১জুলাই:-বিশ্ব এথেলেটিকছ চেম্পিয়নশ্বিপ
- ২৮জুলাইৰ পৰা ৮ আগষ্ট:-কমনৱেলথ গেমছ
- ২৯ আগষ্টৰ পৰা ১১চেপ্টেম্বৰ:-ইউ এছ অ’পেন
- ১০ চেপ্টেম্বৰৰ পৰা২৫চেপ্টেম্বৰ:-এছিয়ান গেমছ
- ১৬অক্টোবৰৰ পৰা ১৩ নৱেম্বৰ:-আই চি চি টি-২০ বিশ্বকাপ
- ২১নৱেম্বৰৰ পৰা ১৮ডিচেম্বৰ:-ফিফা বিশ্বকাপ ফুটবল