ইতিহাস ৰচিলে আছজাদ বাটে । এই স্পেনিছ ক্ৰিকেটাৰগৰাকীয়ে ২১টা বলত শতক অৰ্জন কৰে। তেওঁ ১৮টা ছয় কোবাই । দলটোৱে ২৭টা বলত ১২৮ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। কাটালুনিয়া ড্ৰেগনছ বনাম সোহাল হাস্পতালৰ মাজত টি ১০ লীগৰ খেলখনত আছজাদে এই অভিলেখ গঢ়ে ৷
আছজাদৰ দলটোক ১০ অভাৰত ১৫৬ ৰানৰ প্ৰয়োজন হৈছিল। তেওঁৰ ২৭ বলৰ ইনিংছত ১৮টা ছয় আৰু চাৰিটা ফ’ৰ আছিল। ইয়াৰ পূৰ্বে শ্বেৰ আলীয়ে ২৫ বলত শতক অৰ্জন কৰিছিল। মাৰ্ষ্টা চিচিৰ হৈ তেওঁ শতক অর্জন কৰিছিল ৷ আছজাদৰ ষ্ট্ৰাইক ৰেট ৪৭৪।
অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক দ্ৰুত শতক অৰ্জনৰ অভিলেখ অৰ্জন কৰিছে এ বি ডি ভিলিয়াৰ্ছে। তেওঁ ৩১টা বলত শতক অৰ্জন কৰে। দক্ষিণ আফ্ৰিকাৰ বেটছমেনগৰাকীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এখন এদিনীয়া খেলত এই অভিলেখ গঢ়িছিল। টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত শতকৰ অভিলেখ গঢ়িছে নেপালৰ কুশল মল্লাই। তেওঁ ৩৪টা বলত শতক অৰ্জন কৰে। ব্ৰেণ্ডন মেককালামে সৰ্বাধিক দ্ৰুত টেষ্ট শতক অৰ্জন কৰে। নিউজিলেণ্ডৰ এইগৰাকী বেটছমেনে ৫৪টা বলত শতক অৰ্জন কৰে।