ধুবুৰীত অনুষ্ঠিত ২৯তম মিষ্টাৰ অসম দেহশ্ৰী প্ৰতিযোগিতাৰ ২৭ তাৰিখে সফল সামৰণি পৰে ৷ ৩০০ দেহশ্ৰী প্ৰতিযোগীৰ অংশগ্ৰহণেৰে এই প্ৰতিযোগিতা খনি এটা দিব্যাংগ শাখাত ,পাঁচটা পুৰুষ আৰু দুটাকৈ মহিলাৰ শাখাত অনু্ষ্ঠিত কৰা হয় ৷ উক্ত প্ৰতিযোগিতাত গোলাঘাট শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হয় ৷ আন্তৰ্জাতিক ৰেফাৰী ভৱজ্যোতি গোস্বামীয়ে পৰিচালনা কৰা প্ৰতিযোগিতা খনত কামৰূপৰ পৰীক্ষিত হাজাৰিকাই মিষ্টাৰ অসম সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷
এই প্ৰতিযোগিতাখনিত জুনিয়’ৰ মিষ্টাৰ অসম খিতাপ অৰ্জন কৰে বৰপেটাৰ উৎপল দাসে ৷ আনহাতে মিছ অসম হিচাপে সন্মানিত হয় যোৰহাটৰ ময়ূৰী শইকীয়া ৷ স্পৰ্টছ মডেল ৰূপে খিতাপ অৰ্জন কৰে বৰ্ণালী বসুমতাৰীয়ে আৰু গোলাঘাটৰ ৰূপাংক বৰাই লাভ কৰে এথেলেটিক ফিজিক খিতাপ ৷আনহাতে মাৰ্ঘেৰিটাৰ মৌচম গগৈয়ে লাভ কৰে স্পৰ্টছ ফিজিকৰ সন্মান ৷