অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্ট মেচত জয়লাভ কৰি শৃংখলাত ২-০ গ’লত অগ্ৰগতি লাভ কৰিছে ভাৰতে। সেই দলটোত নিৰ্বাচকসকলে কোনো পৰিৱৰ্তন কৰা নাছিল। কিন্তু তেওঁলোকে লোকেশ ৰাহুলক উপ-অধিনায়কৰ পদৰ পৰা আতৰোৱা হৈছে । অৱশ্যে ৰাহুলৰ সলনি টেষ্টত ভাৰতৰ উপ-অধিনায়ক কোন হ’ব সেই বিষয়ে নিৰ্বাচকসকলে ঘোষণা কৰা নাই। বিৰাট কোহলীৰ ঠাইত ৰোহিত শৰ্মাই টেষ্টৰ অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ পাছত যশপ্ৰীত বুমৰাহক উপ-অধিনায়কৰ দায়িত্ব দিয়া হয়। কিন্তু আঘাতৰ বাবে খেলপথাৰৰ বাহিৰত আছে ঋষভ পণ্ট। এনে পৰিস্থিতিত টেষ্টৰ সময়ত যদি কোনো কাৰণত ৰোহিতে খেলপথাৰ এৰি যায়, তেন্তে ভাৰতীয় দলটোক কোনে নেতৃত্ব দিব?এইক্ষেত্ৰত চর্চালৈ আহিছে তিনিজন ক্ৰিকেটাৰৰ নাম ৷
চেতেশ্বৰ পূজাৰা
বাংলাদেশত ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব দি আছিল ৰাহুলে। সেই সময়ত চেতেশ্বৰ পূজাৰা উপ অধিনায়ক আছিল। এইবাৰ ব’ৰ্ডে দায়িত্ব তেওঁৰ হাতত অৰ্পণ কৰাৰ সম্ভাৱনা আছে । যোৱা বছৰ কাউন্টি ক্ৰিকেটত ছাচেক্স দলটোক নেতৃত্ব দিছিল পূজাৰাই। এই মুহূৰ্তত ভাৰতীয় দলৰ আটাইতকৈ অভিজ্ঞ ক্ৰিকেটাৰ। তেওঁ ১০০ খন টেষ্ট খেলিছে।
ৰবিচন্দ্ৰন অশ্বিন
বহুতে ভাবিছিল যে বিৰাটৰ পাছত অশ্বিনে ৰেডবল ক্ৰিকেটত ভাৰতক নেতৃত্ব দিব পাৰে। কিন্তু টেষ্টত ৪৫০ উইকেট দখল কৰা অফস্পিনাৰজনক সেই সময়ত দায়িত্ব দিয়া হোৱা নাছিল। ৰোহিতক সকলো ধৰণৰ ক্ৰিকেটত অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। এইবাৰ ৰোহিতৰ সহায়ক হিচাপে দায়িত্ব লাভ কৰিব পাৰে অশ্বিনে ৷ অশ্বিনৰ ক্ৰিকেট বুদ্ধিমত্তা বাৰে বাৰে চর্চিত হৈ আহিছে ৷
ৰবীন্দ্ৰ জাডেজা
টেষ্ট ক্ৰিকেটত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অল ৰাউণ্ডাৰ জাডেজা। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পাছৰে পৰা তেওঁ যথেষ্ট ফৰ্মত আছে। পৃথিৱীৰ যি ঠাইতে খেলা নহওক কিয়, নিৰ্বাচকসকলে জাদেজা অবিহনে দলৰ কথাও ভাবিব নোৱাৰে। বেটিং আৰু বলিঙত তেওঁ নিপুণ হাতেৰে দায়িত্ব চম্ভালিছিল। ফিল্ডিঙৰ ক্ষেত্ৰতো ভাৰতৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ। সেই কাৰণে তেওঁ উপ অধিনায়ক হিচাপে সুযোগ পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
যদিও এই তিনিজন ক্ৰিকেটাৰ উপঅধিনায়ক হোৱাৰ দৌৰত আছে, ইয়াক লৈ ভাৰতীয় ব’ৰ্ডে খৰখেদা কৰিবলৈ ইচ্ছুক নহয়। যোৱা দুখন টেষ্টত যদি কোনো কাৰণত ৰোহিত খেলপথাৰৰ বাহিৰত থাকে তেন্তে বিৰাটে দায়িত্ব লোৱা দেখা যাব পাৰে। সেই সম্ভাৱনা নুই কৰিব নোৱাৰি। এনে ঘটনা আগতেও দেখা গৈছে। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট খেলাৰ সময়ত যশপ্ৰীত বুমৰাহে দলটোক নেতৃত্ব দি আছিল।