মহিলাৰ আই পি এল (মহিলা প্ৰিমিয়াৰ লীগ)ৰ নিলাম আৰম্ভ হয় ক্ৰিকেটাৰ স্মৃতি মান্ধনাৰ জৰিয়তে। তেওঁক ৩ কোটি ৪০ লাখ টকাত ক্ৰয় কৰিছে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে। চলিত বর্ষৰ মহিলা আইপিএলত ভাৰতীয় মহিলা দলৰ উপ অধিনায়কগৰাকীক সৰ্বাধিক মূল্যত ক্ৰয় কৰা হৈছিল। তেওঁৰ দাম পাকিস্তান ছুপাৰ লীগৰ আটাইতকৈ দামী ক্ৰিকেটাৰতকৈয়ো বেছি। অৱশ্যে দক্ষিণ আফ্ৰিকান প্ৰিমিয়াৰ লীগৰ ব্যয়বহুল ক্ৰিকেটাৰ ট্ৰিষ্টিয়ান ষ্টাবছক অতিক্ৰম কৰি স্মৃতিয়ে শীৰ্ষস্থান দখল কৰিব নোৱাৰিলে।
পাকিস্তানৰ টি-২০ লীগত কোনো নিলাম নহয় । তাত ক্ৰিকেটাৰৰ দাম নিৰ্ধাৰণ কৰা হয়। বাবৰ আজম, শ্বাহীন আফ্ৰিদিৰ দৰে ক্ৰিকেটাৰে সেই লীগত সৰ্বাধিক মূল্য লাভ কৰে। বাবৰৰ মূল্য ভাৰতীয় টকাত প্ৰায় ১ কোটি ৪০ লাখ। সোমবাৰে নিলামত স্মৃতিয়ে সেই ধনৰ দুগুণতকৈও অধিক উপাৰ্জন কৰে। পাকিস্তানৰ সকলো ক্ৰিকেটাৰতকৈ অধিক উপাৰ্জন কৰিব স্মৃতিয়ে। শ্ৰীলংকা প্ৰিমিয়াৰ লীগৰ আটাইতকৈ দামী ক্ৰিকেটাৰ ইমাদ ৱাছিম। প্ৰায় ৫০ লাখ টকা তেওঁ পায়। সেই দামতকৈ বহু বেছি আয় স্মৃতি। কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ আটাইতকৈ দামী ক্ৰিকেটাৰ আছিল লাছিথ মালিংগা। তেওঁৰ দাম আছিল প্ৰায় ১ কোটি ৩৩ লাখ টকা। স্মৃতিয়েও সেই মূল্য অতিক্ৰম কৰিছে।
নিলামত তেওঁ উচ্চ মূল্য আনিব বুলি আশা কৰা হৈছিল। বৰ্তমান ভাৰতীয় ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ অ’পেনাৰ হৈছে স্মৃতি। দলক নেতৃত্ব দিয়াৰ ক্ষমতাও তেওঁৰ আছে। মহিলা প্ৰিমিয়াৰ লীগত আৰ চি বি দলৰ অধিনায়ক হিচাপে দেখা যায়। কেৱল স্মৃতিই নহয় আৰ চি বি দলৰ মুঠ চাৰিজন ক্ৰিকেটাৰ কোটিপতি হৈ পৰিছে। ইয়াৰ ভিতৰত আছে বংগৰ ৰিচা ঘোষ (১.৯০ কোটি টকা), অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ এলিছ পেৰী (১.৭০ কোটি টকা) আৰু ভাৰতীয় পেচাৰ ৰেনুকা সিং (১.৫০ কোটি টকা)।
মহিলা আই পি এলৰ নিলামত ৫টা দলে মুঠ ৮৭ গৰাকী ক্ৰিকেটাৰ ক্ৰয় কৰে। ইয়াৰে ৩০জন বিদেশী ক্ৰিকেটাৰ। মুঠ খৰচ ৫৯ কোটি ৫০ লাখ টকা। দিল্লী কেপিটেলছ, গুজৰাট জায়েন্টছ আৰু ৰয়েল চেলেঞ্জাৰ বেংগালুৰে ১৮ গৰাকীকৈ ক্ৰিকেটাৰ ক্ৰয় কৰে। মুম্বাইয়ে ১৭ গৰাকী ক্ৰিকেটাৰ আৰু উত্তৰ প্ৰদেশে ১৬ গৰাকী ক্ৰিকেটাৰ ক্ৰয় কৰে। প্ৰতিটো দলত ছয়জন বিদেশী ক্ৰিকেটাৰ থাকে। ৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব মহিলাৰ আই পি এল। ২৬ মাৰ্চত অনুষ্ঠিত হ’ব ফাইনেল।