অহা ৪ মার্চৰ পৰা মোহালিত আৰম্ভ হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টেষ্ট মেচ ৷ দীর্ঘদিনৰ বিৰতিৰ মূৰত এই টেষ্ট চাবলৈ ষ্টেডিয়ামৰ দুৱাৰ মুকলি হ’ব দর্শকৰ বাবে ৷ এই টেষ্ট মেচ প্ৰত্যক্ষ কৰাৰ বাবে ৫০ শতাংশ দর্শকৰ অনুমতি প্ৰদান কৰিছে বি চি চি আইয়ে ৷ অৱশ্যে এই মেচখনৰ বাবে ৫০শতাংশ দর্শকক অনুমতি প্ৰদান কৰাৰ আঁৰত আছে বিশেষ কাৰণ ৷ সেয়া হৈছে ভাৰতীয় দলটোৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিৰ আগন্তুক মেচখন হ’ব ১০০ সংখ্যক টেষ্ট মেচ ৷
বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে মোহালিত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন ভাৰত-শ্ৰীলংকা টেষ্ট মেচ সন্দর্ভত কয় -“বিৰাট কোহলীৰ ১০০ তম টেষ্ট মেচখনত কোনো বাধা নাথাকিব। বিচিচিআইয়ে ৰাজ্যিক সংস্থাসমূহক চৰকাৰী নিৰ্দেশনাৰ ভিত্তিত দর্শকৰ বাবে মুকলি কৰিবলৈ আহ্বান জনাইছে । এয়া চৰকাৰী নিয়ম অনুসৰি কৰা হৈছে ৷ “গাংগুলীৰ বক্তব্যৰ ঠিক পিছতে পঞ্জাৱ ক্ৰিকেট এছ’চিয়েশ্যনৰ কোষাধ্যক্ষ আৰ পি চিংলাই নিশ্চিত কৰে যে মোহালি টেষ্টত খেলখনৰ বাবে ৫৯ শতাংশ দর্শকক অনুমতি দিয়া হ’ব ৷ বি চি চি আইৰ সচিব জয় শ্বাহেও এই সিদ্ধান্তত আনন্দ প্ৰকাশ কৰিছে ৷ ভাৰতে মোহালিত শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ খেলিব। দ্বিতীয় খন টেষ্ট মেচ বাংগালোৰৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।