বয়স গণনা কৰা সংখ্যা মাত্ৰ। সেইকথা প্ৰমাণ কৰি এজন ৫৭ বছৰীয়া লোকে ২০২০ ৰ টকিঅ‘ অলিম্পিকিত পদক জিনি এতিয়া বিশ্ববাসীৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে।
২০২০ ৰ টকিঅ‘ অলিম্পিকৰ আছাকা স্বুটিং ৰেঞ্জত অনুষ্ঠিত হোৱা পুৰষ স্বুটিঙৰ স্কীট ইভেন্টত কুৱেইটৰ অব্দুলা আল ৰাশ্বিডিয়ে ৫৭ বছৰ বয়সত ব্ৰঞ্জৰ পদক লাভ কৰিছে।
পদক জয় কৰি উৎফুল্লিত হৈ পৰা কুৱেইটৰ এই স্বুটাৰ গৰাকীয়ে কয় যে এই ৫৮ বছৰ বয়সত মোৰ বাবে এই ব্ৰঞ্জৰ পদক টো স্বৰ্ণতকৈও অধিক মূল্যৱান আৰু ইয়াক লৈ মই অত্যন্ত সুখী।
এই অভিজ্ঞতাৰে ২০২৪ ত পেৰিছত হ‘বলগীয়া অলিম্পিকত স্বৰ্ণ জয় কৰিব পাৰিম বুলিও মন্তব্য কৰে বৰ্ষীয়ান খেলুৱৈ জনে।
১৯৯৬ চনত আটলান্টা অলিম্পিকত প্ৰথমবাৰৰ বাবে অংশ লোৱা আব্দুলা আল ৰাশ্বিডিয়ে ৬ জন স্বুটাৰে ভাগ লোৱা ইভেন্টৰ ফাইনেলতো তৃতীয় স্থান লাভ কৰিছিল।
উল্লেখ্য যে আব্দুলাৰ লগত তেওঁৰ পুত্ৰয়ো চলিত অলিম্পিকৰ লগতে দ্বিতীয় বাৰৰ বাবে এই সৰ্ববৃ্হৎ খেলখনত অংশগ্ৰহণ কৰিছে।