কিছুদিন পূৰ্বে অন্ধ্ৰ প্ৰদেশৰ ভামশী কৃষ্ণই ছয়টা বলত ছয়টা ছিক্স কোবাই আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে নজিৰ গঢ়ি তুলিছিল। তেওঁক অতিক্ৰম কৰিছে কেৰালাৰ অভিজীত প্ৰবীনে। কৃষ্ণই ২৩ বছৰ অনুৰ্ধ ক্ৰিকেটাৰ হিচাপে নজিৰ গঢ়ি তুলিছিল। ১১ দিনৰ পাছত অভিজিতে ২২ বছৰ অনুৰ্ধ ক্ৰিকেটাৰ হিচাপে এই কৃতিত্ব অৰ্জন কৰে। ভাৰতৰ পঞ্চম বেটছমেন হিচাপে তেওঁ এই কৃতিত্ব অৰ্জন কৰে।
অভিজিতে কেৰালাৰ তিৰুৱানন্তপুৰমত ২২ বছৰ অনুৰ্ধৰ ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷ তেওঁ লেগ স্পিনাৰ জো ফ্ৰান্সিছকেৰ এটা অভাৰত ছয়টা ছিক্স কোবাই ৷ মেচখনৰ ২১ নং অভাৰত তেওঁ এই কৃতিত্ব কৰে। সেই সময়ত অভিজিতে ৬৯ ৰানত বেটিং কৰি আছিল। সেই অভাৰত ছয়টা ছয় মাৰি অভিজিতে ৰৈ নাথাকিল। ৫২টা বলত ১০৬ ৰানৰ ইনিংছ খেলে তেওঁ । তেওঁ ১০টা ছিক্স আৰু দুটা ফ’ৰ কোবাই ৷ সেই মেচখনত তেওঁৰ দলটোৱে ১০৬ ৰানত জয়লাভ কৰিছিল।
যোৱা ২১ ফেব্ৰুৱাৰীত চি কে নাইডু ট্ৰফীত ৰেলৱেৰ বিৰুদ্ধে এটা অভাৰত ছয়টা ছিক্স কোবাইছিল ভামশীয়ে। ১৯৮৫ চনত শাস্ত্ৰীয়ে এটা অভাৰত ৬টা ছিক্স কোবাইছিল ৷ ২০০৭ চনত এই অভিলেখ গঢ়ে যুৱৰাজ সিঙে ৷ ২০২২ চনত ঋতুৰাজে ৬টা ছিক্স কোবাইছিল ৷ কিন্তু ভামশীয়ে তেওঁলোকতকৈ কম বয়সতে এই কৃতিত্ব অৰ্জন কৰিছিল। কিন্তু অভিজিতে তেওঁতকৈয়ো কম বয়সতে এই কৃতিত্ব অৰ্জন কৰিছিল।