এইবাৰো আই পি এলত যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দিব মহেন্দ্ৰ সিং ধোনীয়ে। আঁঠুৰ অস্ত্ৰোপচাৰৰ পিছত এইবাৰ তেওঁ বহুত ফিট হৈ পৰিছে। চেন্নাইৰ অধিনায়কগৰাকীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণিৰ দৰেই আকৌ চুলি দীঘলকৈ ৰাখিছে । নতুন ৰূপৰ চেন্নাইৰ অধিনায়কগৰাকীৰ বাবে অপেক্ষা কৰি আছে আধা ডজন নজিৰ।
১) আটাইতকৈ বয়সীয়াল ক্ৰিকেটাৰ : ধোনিৰ বয়স এতিয়া ৪২ বছৰ। ইয়াৰ পূৰ্বে কোনো ক্ৰিকেটাৰে ইমান বয়সত আই পি এল খেলা নাই। অহা ২২ মাৰ্চত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে আই পি এলত খেলা আটাইতকৈ বয়সীয়াল ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব ধোনী।
২) ৫০০০ ৰানঃ ধোনীক আৰু ৪৩ ৰানৰ প্ৰয়োজন। এই ৰাণ সংগ্ৰহ কৰিলেই তেওঁ চেন্নাই ছুপাৰ কিংছৰ জাৰ্চিত ৫০০০ ৰান সম্পূৰ্ণ কৰিব। আই পি এল আৰু এতিয়া বন্ধ হৈ যোৱা চেম্পিয়নছ লীগ টি-২০ত চেন্নাইৰ হৈ মুঠ ২৪৪খন মেচ খেলিছে ধোনীয়ে। তেওঁ এই পৰ্যন্ত গড়ে ৩৮.৭২ ৰান কৰি ৪৯৫৭ ৰান সংগ্ৰহ কৰিছে। ধোনিৰ ষ্ট্ৰাইক ৰেট ১৩৭.৮। প্ৰবীণ উইকেটকীপাৰ- বেটছমেনগৰাকীয়ে চেন্নাইৰ হৈ ২৩টা অর্ধশতক অর্জন কৰিছে।
৩) ২৫০ খন মেচঃ এইবাৰ যদি ধোনীয়ে আই পি এলত ছখন মেচ খেলে তেন্তে চেন্নাইৰ জাৰ্চি পিন্ধি ২৫০খন মেচ (আই পি এল আৰু চেম্পিয়নছ লীগ মিলাই) খেলাৰ মাইলৰ খুঁটিত উপনীত হ’ব। চেন্নাইৰ প্ৰথম ক্ৰিকেটাৰ হিচাপে এই কৃতিত্ব অৰ্জন কৰিব ধোনীয়ে।
৪) ২৫০ ছিক্সঃ এইবাৰ আই পি এলত ধোণীয়ে ১১টা ছিক্স কোবালেই তেওঁ আই পি এলত ২৫০টা ছিক্স কোবোৱাৰ নজিৰ গঢ়ি তুলিব। আই পি এলত ২৫০টা ছিক্স কোবোৱা চতুৰ্থজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব ধোনী। এতিয়ালৈকে এই কৃতিত্ব ক্ৰীছ গেইল (৩৫৭), ৰোহিত শৰ্মা (২৫৭) আৰু এ বি ডি ভিলিয়াৰ্ছ (২৫১)ৰ হাতত আছে।
৫) ১৫০০ ৰানঃ চেন্নাইৰ অধিনায় গৰাকীয়ে ৫৫ ৰান কৰিলেই চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এলত ধোনীয়ে ১৫০০ ৰান সম্পূৰ্ণ কৰিব ৷ ধোনীয়ে এই পৰ্যন্ত চিদাম্বৰম ষ্টেডিয়ামত আই পি এলৰ ৬২খন খেল খেলিছে। ৫৫ ইনিংছত ১৪৪৫ ৰান সংগ্ৰহ কৰিছে। চি এছ কেৰ ঘৰুৱা খেলপথাৰত চেন্নাইৰ অধিনায়কগৰাকীয়ে গড়ে ৪২.৫ আৰু ষ্ট্ৰাইক ৰেট ১৪৫.৫২ ৰান কৰে।
৬) ২০০টা কেচঃ আই পি এলত উইকেটকীপাৰ হিচাপেও ধোনীয়ে নতুন নজিৰ গঢ়ি তোলাৰ সুযোগ লাভ কৰিছে। তাৰ বাবে তেওঁ এই আই পি এলত ২০ জন বেটছমেনক কেচ ধৰি বা ষ্টাম্প আউট কৰিব লাগিব। তেতিয়া আই পি এলত ধোনিৰ উইকেটৰৰ সংখ্যা হ’ব ২০০। প্ৰথম উইকেটকীপাৰ হিচাপে তেওঁ আই পি এলত এই নজিৰ গঢ়ি তুলিব।