ক্রিষ্টিয়ানো ৰোনাল্ডোৰ পাছত ক্লাব ফুটবলত ৭০০টা গ’ল দিয়া দ্বিতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হৈছে লিয়নেল মেছি৷ লীগ ৱানত পেৰিছ চেণ্ট জাৰ্মেইনৰ হৈ মাৰ্চেইলৰ বিৰুদ্ধে গ’ল দি মেছিয়ে এই নজিৰ গঢ়ে ৷
দেওবাৰে ২৯ মিনিটত মাৰ্চেইলৰ বিৰুদ্ধে গ’ল দি মেছিয়ে এই অভিলেখ ৰচনা কৰে ৷ সতীৰ্থ কাইলিয়ান এমবাপেৰ পৰা পাছ লৈ বাওঁ ভৰিৰে তেওঁ গ’ল দিবলৈ সক্ষম হয় ৷ বাৰ্চিলোনাৰ হৈ মেছিয়ে ৬৭২টা গ’ল দিয়ে। পি এছ জিৰ জাৰ্চিত লিঅ’ই ২৮ সংখ্যক গ’ল দিয়ে।
৭০০ গ’লত উপনীত হোৱাৰ পাছতো মেছিৰ হাতত এতিয়াও ৰোনাল্ডোক চেৰ পেলোৱাৰ সুযোগ আছে। মানচেষ্টাৰ ইউনাইটেডৰ হৈ দ্বিতীয়ার্ধত ৭০০ সংখ্যক গ’ল দিয়ে ৰোনাল্ডোৱে৷ কিন্তু তাৰ পিছত ৰোণাল্ডোৱে মানচেষ্টাৰ এৰি চৌদি আৰৱৰ আল নাছেৰ ক্লাবলৈ যায়। অৰ্থাৎ ইউৰোপীয় ফুটবলত এতিয়া ৰোনাল্ডো নাই। ইউৰোপীয় ফুটবল এৰি যোৱাৰ সময়ত তেওঁ ৭০১টা গ’ল দিছিল। যদি তেওঁ পি এছ জিৰ হৈ আৰু ২টা গ’ল দিব পাৰে তেন্তে ইউৰোপীয় ক্লাব ফুটবলত সৰ্বাধিক গ’লদাতা হিচাপে ৰোনাল্ডোক অতিক্ৰম কৰিব।
লিগ ১ৰ খেলখনত পি এছ জিয়ে মাৰ্চেইলক ৩-০ গ’লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমটো গ’ল এমবাপেই কৰে। ২৫ মিনিটৰ পাছত মেছিৰ পাছৰ পৰা এমবাপেই গ’ল দিয়ে। চাৰি মিনিটৰ পাছত এমবাপেৰ পাছৰ পৰা মেছিয়ে গ’ল দিয়ে। দ্বিতীয়াৰ্ধৰ ৫৫ মিনিটৰ অন্তত এমবাপে নিজৰ দ্বিতীয়টো আৰু দলৰ তৃতীয়টো গ’ল দিয়ে।