ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ২০২১-২২ বিত্তীয় বৰ্ষত ১১৫৯ কোটি টকা আয়কৰ প্ৰদান কৰিছে । যিটো যোৱাবর্ষৰ তুলনাত ৩৭ শতাংশ বেছি। ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰিছে কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে। লগতে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে বিগত পাঁচ বছৰত কিমান আয়কৰ জমা কৰিছে তাৰ হিচাপ তেওঁ দাঙি ধৰে ।
২০২০-২১ বিত্তীয় বৰ্ষত বিচিচিআইয়ে আয়কৰৰ দিশত ৮৪৪ কোটি ৯২ লাখ টকা জমা কৰিছিল। ২০১৯-২০ বিত্তীয় বৰ্ষত ব’ৰ্ডে ৮৮২ কোটি ২৯ লাখ টকা জমা কৰিছিল। ২০১৮-১৯ বিত্তীয় বৰ্ষত ব’ৰ্ডে ৮১৫ কোটি ৮ লাখ টকা ,২০১৭-১৮ বিত্তীয় বৰ্ষত ব’ৰ্ডে আয়কৰ হিচাপে ৫৯৬ কোটি ৬৩ লাখ টকা জমা কৰিছিল।
২০২১-২২ বিত্তীয় বৰ্ষত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ আয় কিমান আছিল? খবৰ অনুসৰি সেই বিত্তীয় বৰ্ষত ভাৰতীয় ব’ৰ্ডে ৭,৬০৬ কোটি টকা উপাৰ্জন কৰিছিল। ৩,০৬৪ কোটি টকা ব্যয় কৰি। বিগত বিত্তীয় বৰ্ষত ব’ৰ্ডৰ আয় আছিল ৪৭৩৫ কোটি টকা। ব্যয় হৈছিল ৩,০৮০ কোটি টকা।
ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ আয় ইমান বৃদ্ধি কৰাত আই পি এলৰ মুখ্য ভূমিকা আছে। কোটিপতি লীগৰ সম্প্ৰচাৰৰ অধিকাৰ বিক্ৰী কৰি বিপুল ধন উপাৰ্জন কৰিছে ব’ৰ্ডে। টিভি আৰু মোবাইল সম্প্ৰচাৰৰ অধিকাৰ এতিয়া দুটা পৃথক কোম্পানীৰ হাতত অর্পন কৰা হৈছে । ৫ বছৰৰ বাবে ৪৪,০৭৫ কোটি টকাত বিক্ৰী হৈছিল এই অধিকাৰ। ইয়াৰে টিভি সম্প্ৰচাৰৰ অধিকাৰ ২৩,৫৭৫ কোটি টকাত বিক্ৰী কৰা হয়। ২০,৫০০ কোটি টকাত বিক্ৰী হ’ল মোবাইলত সম্প্ৰচাৰৰ অধিকাৰ । ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতীয় ব’ৰ্ডৰ আয় আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।