চলিত আই পি এলত সলনি হৈছে ৰিয়ান পৰাগ। যোৱা কেইবছৰমানত তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ নিয়মীয়াকৈ খেলিছিল যদিও ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাছিল। এইবাৰ দুয়োখন মেচতে তেওঁ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । কালি অনুষ্ঠিত মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৪৫ বলত ৮৪ ৰানৰ ইনিংছ খেলিছিল ৰিয়ান পৰাগে। শেষৰ অভাৰত তেওঁ ২৫ ৰান সংগ্ৰহ কৰে। মেচৰ পাছত এই ধুমুহাময় ইনিংছ কেনেকৈ খেলিছিল সেই সন্দর্ভত ব্যক্ত কৰে ।
ইনিংছৰ শেষ অভাৰত অনৰিখ নোখিয়ে বলিং কৰিছিল। পৰাগে তেওঁৰ দৰে পেচাৰৰ বলত তিনিটা ফ’ৰ আৰু দুটা ছিক্স মাৰিছিল। খেলৰ পিছত কমেণ্টেটৰসকলে তেওঁৰ পৰিকল্পনাৰ বিষয়ে সোধাত পৰাগে কয়, ‘মই কোনো বলাৰৰ নাম চাই খেলা নাছিলো। বল চাই খেলিছিলো। বহু দিনৰ কষ্টৰ ফল পাইছো। এতিয়া খেলপথাৰৰ দুয়োফালে খেলিবলৈ সাজু হৈছো। নিজৰ শক্তিত বিশ্বাস কৰক। এতিয়া সেইটোৱেই কাম কৰিছে ।”
ৰাজস্থানৰ শীৰ্ষ অৰ্ডাৰৰ তিনিজন বেটছমেনে এটা ৰান সংগ্ৰহ কৰিব পৰা নাছিল । সেই সময়ত পৰাগে লাহে লাহে খেলি আছিল। তেওঁ ২৬টা বলত ২৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছৰ ১৯টা বলত ৫৮ ৰান সংগ্ৰহ কৰে। পৰাগে শেষলৈকে খেলিব বিচাৰিছিল বুলি কয়। ৰাজস্থানৰ বেটছমেনগৰাকীয়ে কয়, ‘সঞ্জু ভাইয়ে মোক শেষলৈকে খেলিবলৈ কৈছিল। তাৰ পাছত তিনিটা উইকেট পৰিল। গতিকে মই খৰখেদা কৰা নাছিলো। কাৰণ, এই উইকেটত বেটিং কৰিবলৈ নামি আহি আৰম্ভণিৰ পৰাই ডাঙৰ ডাঙৰ শ্বট খেলাটো কঠিন আছিল। মই জানিছিলোঁ যে শেষলৈকে খেলিলে ৰান কৰিব পাৰিম। মই সেইটোৱেই কৰিবলৈ চেষ্টা কৰিলোঁ।”
তেওঁ ধাৰাবাহিকতা দেখুৱাব নোৱাৰিলেও ৰাজস্থানৰ তেওঁৰ ওপৰত বিশ্বাস আছে। পৰিশ্ৰমৰ ফল দেখি তেওঁ আৱেগিক হৈ পৰে । তেওঁ ক’লে, “এতিয়া মই মোৰ কষ্টৰ ফল লাভ কৰিছো ৷ কষ্টৰ ফল দেখি অলপ আৱেগিক হৈ পৰিছো। আশাকৰোঁ গোটেই ছিজনটোত মই ভাল খেলিব পাৰিম।’