অহা ২০ডিচেম্বৰৰ পৰা গুৱাহাটী নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব নৱম টি.জি বৰুৱা মেম’ৰিয়েল মিডিয়া টি-২০ ক্ৰিকেট প্ৰতিযোগিতা৷এইবাৰ অসমৰ মুঠ ১৪টা সংবাদ প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিছে টুৰ্ণামেণ্টখনত৷
গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰ , দ্যা আসাম ট্ৰিবিউন , অসমীয়া প্ৰতিদিন , দৈনিক অগ্ৰদূত , গণঅধিকাৰ , প্ৰাগ নিউজ , প্ৰতিদিন টাইম , নিউজ১৮ , এন ডি ২৪ , এন কে টিভি , ডি এ নিউজ প্লাচ , নিউজ টাইম অসম , মাই নিউজ এন ই আৰু আসাম টকস।
উল্লেখ্য শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সকলো দলৰ অধিনায়কৰ উপস্থিতত টাই-ড্ৰ অনুষ্ঠিত হয়।
প্ৰতিযোগিতা উদ্ধোধনী খেলখনত মুখামুখি হ’ব প্ৰতিদিন টাইম বনাম মাই নিউজ এন ই ৷একেদিনাই হ’ব লগা দ্বিতীয়খন মেচ এন কে টিভি আৰু দৈনিক অগ্ৰদূতৰ মাজত অনুষ্ঠিত হ’ব৷