শেহতীয়াকৈ ফিনলেণ্ডৰ টাম্পেৰেত অনুষ্ঠিত বিশ্ব মাষ্টাৰছ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ এগৰাকী ৯৪ বছৰীয়া স্প্ৰিণ্টাৰ ভাগৱানী দেৱী দাগৰে সোণৰ পদক লাভ কৰিছে।
টুইটাৰযোগে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে জনোৱা মতে ভাগৱানীয়ে ২৪.৭৪ ছেকেণ্ড সময়ত অতিক্ৰম কৰি সোণৰ পদক লাভ কৰে। ইয়াৰ উপৰিও শ্বট-পুটতো তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। ৱৰ্ল্ড মাষ্টাৰছ এথলেটিকছ চেম্পিয়নশ্বিপ হৈছে ৩৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ খেলুৱৈৰ বাবে আয়োজন কৰা এক অনুষ্ঠান। ২৯ জুনৰ পৰা ১০ জুলাইলৈকে ফিনলেণ্ডত অনুষ্ঠিত হৈছিল।
ভাগৱানীৰ এই সাফল্যত দেশবাসী গৌৰৱান্বিত হৈ পৰিছে ৷ অনুৰাগ ঠাকুৰ, হৰদীপ সিং পুৰী, পীয়ুষ গোৱেলকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে ৯৪ বছৰীয়া মহিলা গৰাকীক “সকলোৰে বাবে প্ৰেৰণা” বুলি অভিহিত কৰিছে ৷