কোপা আমেৰিকাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ব্ৰাজিল। গ্ৰুপ পৰ্যায়ত মাত্ৰ এখন খেলত জয়লাভ কৰি ব্ৰাজিলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পাঁচবাৰৰ বিশ্বকাপ বিজয়ী দলৰ বাবে এয়া শুভ লক্ষণ নহয়।
বুধবাৰে ব্ৰাজিলে গ্ৰুপৰ অন্তিমখন খেল খেলিছিল। পূৰ্বৰ খেলখনত পাৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰাৰ পিছত তেওঁলোকে নিজৰ গৌৰৱলৈ ঘূৰি অহা বুলি ভবা হৈছিল। কিন্তু কলম্বিয়াৰ বিৰুদ্ধে পুনৰ ব্ৰাজিলে দূর্বল প্ৰদৰ্শন কৰে। ১২ মিনিটৰ পাছত ৰাফিনহাই ফ্ৰী কিকৰ পৰা একক দক্ষতাৰে দলটোক অগ্ৰগতি প্ৰদান কৰে। কিন্তু ব্ৰাজিলে সেই ব্যৱধান বজাই ৰাখিব নোৱাৰিলে।
প্ৰথমাৰ্ধৰ ষ্টপেজ টাইমত কলম্বিয়াই সমতা স্থাপন কৰে। ডেনিয়েল মুনোজে গ’ল দিয়ে। গ্ৰুপ ডিৰ পৰা কলম্বিয়া আৰু ব্ৰাজিলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৭ পইণ্টেৰে শীৰ্ষত আছে কলম্বিয়া। দ্বিতীয় স্থানত আছে ব্ৰাজিল। এটা জয় আৰু দুটা ড্ৰ’ৰ পৰা ৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান দখল কৰে। বুধবাৰে জয়লাভ কৰাৰ পিছতো কোষ্টা ৰিকা পৰৱৰ্তী ৰাউণ্ডত স্থান লাভ নকৰিলে ৷ ৪ পইণ্টেৰে তৃতীয় স্থান দখল কৰে।