টি-২০ ফৰ্মেটক মূলতঃ যুৱ খেল বুলি গণ্য কৰা হয়। কিন্তু বাকী ফৰ্মেটৰ দৰেই অভিজ্ঞতাৰ মূল্যও আছে এই ফর্মেটত। বুধবাৰে পঞ্জাৱৰ বিৰুদ্ধে চেন্নাইয়ে সেই কথা পুনৰ এবাৰ প্ৰতিপন্ন কৰিলে ৷ মেচখনত খেলিবলৈ শুযোগ দিয়া হ’ল ৰিচাৰ্ড গ্লিছনক ৷ আই পি এলৰ ইতিহাসত দ্বিতীয় সবাতোকৈ বয়সীয়াল ক্ৰিকেটাৰ হিচাপে তেওঁ অভিষেক ঘটায়।
কেইদিনমানৰ পিছত গ্লিছনৰ বয়স হ’ব ৩৭ বছৰ। তাৰ আগতে তেওঁ চেন্নাইৰ হৈ খেলিছিল। আই পি এলৰ ইতিহাসৰ আটাইতকৈ বয়সীয়াল অভিষেক ঘটোৱাৰ নজিৰ আছে ছিকন্দৰ ৰাজাৰ। জিম্বাবুৱেৰ ক্ৰিকেটাৰগৰাকীয়ে ৩৬ বছৰ ৩৪২ দিন বয়সত প্ৰথমখন আই পি এল মেচ খেলিছিল।
তাৰ পিছত গ্লিছন। ৩৬ বছৰ ১৫১ দিন বয়সত তেওঁ অভিষেক ঘটায়। তৃতীয় স্থানত আছে ইমৰাণ তাহিৰ। ৩৫ বছৰ ৪৪ দিন বয়সত প্ৰথমখন মেচ খেলিছিল তাহিৰে। ৩৪ বছৰ ১২৪ দিন বয়সত প্ৰথমখন খেল খেলিছিল জালাজ ছাক্সেনাই। পঞ্চম স্থানত আছে কেশৱ মহাৰাজ। ৰাজস্থানৰ ক্ৰিকেটাৰগৰাকীয়ে ৩৪ বছৰ ৬৩ দিন বয়সত প্ৰথমখন খেল খেলিছিল।
ইংলেণ্ডৰ হৈ গ্লিছনে ৬ খন টি-২০ খেলিছিল। ২০.৭৭ গড় হিচাপত তেওঁ ৯টা উইকেট দখল কৰে। ২০২২ চনত বাৰ্মিংহামত ভাৰতৰ বিৰুদ্ধে তেওঁ অভিষেক ঘটায়। মুঠতে টি-২০ ফৰ্মেটত ৯০খন মেচত ১০১টা উইকেট লাভ কৰিছে তেওঁ । বুধবাৰে তেওঁ ৩.৫ অভাৰত বলিং কৰি ৩০ ৰানত এটা উইকেট দখল কৰে।
আঘাতৰ বাবে চেন্নাইয়ে তেওঁক বাছি লৈছিল। খেলখনৰ পূৰ্বে অধিনায়ক ৰুতুৰাজ গাইকোৱাদে জনাইছিল যে মথিছা পাথিৰানা আৰু তুষাৰ দেশপাণ্ডেৰ আঘাতৰ বাবে গ্লিছনক শ্বাৰদুল ঠাকুৰৰ সৈতে দলত অন্তভূর্ক্ত কৰা হৈছে ৷