জিব্ৰাল্টাৰৰ চেলি বাৰ্টন নামৰ বষৰীয়ান ক্ৰিকেটাৰ গৰাকীয়ে বিশ্ব ক্ৰিকেটত এক নজিৰ গঢ়ি তুলিছে। মহিলা উইকেটকীপাৰ – বেটছমেনগৰাকীয়ে ৬৬ বছৰ ৩৩৪ দিন বয়সত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ খেলিবলৈ সুযোগ লাভ কৰে জিব্ৰালটাৰে ইষ্ট’নিয়াৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টি-২০ মেচত তেওঁ খেলিবলৈ সুযোগ লাভ কৰে ৷
বাৰ্টনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল এনে বয়সত যেতিয়া বেছিভাগ মানুহে নাতি-নাতিনীৰ সৈতে আজৰি সময় কটোৱাৰ কথা ভাবে। অৱশ্যে ৬৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে নিজকে বৃদ্ধ বুলি নাভাবে। কোনোবাই বয়োজ্যেষ্ঠ বুলি ক’লেও আপত্তি কৰে। বিশ্ব অভিলেখ গঢ়ি তোলাৰ পাছত বাৰ্টনে কয়, ‘মোৰ অভিধানত ছিনিয়ৰ বুলি কোনো শব্দ নাই। ঠিকেই কৈছে, ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ সুযোগ পাম বুলি মই কেতিয়াও ভবা নাছিলো। আগলৈয়ো তেওঁ ক্ৰিকেট খেলি যাবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰে ৷
ইয়াৰ পূৰ্বে পৰ্তুগালৰ আকবৰ চৈয়দে বৃদ্ধ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ নজিৰ আছিল। ২০১২ চনত ফিনলেণ্ডৰ বিৰুদ্ধে ৬৬ বছৰ ১২ দিন বয়সত প্ৰথমখন টি-২০ আই মেচ খেলিছিল তেওঁ। বাৰ্টন নিজৰ দলৰ দ্বিতীয় বয়সীয়াল খেলুৱৈতকৈ ৩০ বছৰ ডাঙৰ। সেইটোত তেওঁৰ কোনো সমস্যা নাই। ৰাষ্ট্ৰীয় জাৰ্চি পিন্ধিবলৈ সক্ষম হোৱা বাৰ্টনে সুখী। তিনি নাতি-নাতিনীৰ আইতাকৰ লক্ষ্য ক্ৰিকেট খেলা।