অষ্ট্ৰেলিয়াত টি-২০ পুৰুষ বিশ্বকাপৰ সময়তে এক ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰতীয় ক্ৰিকেট টীমৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলি ৷ অষ্ট্ৰেলিয়াৰ পার্থত থকাৰ সময়ত বিৰাট কোহলিৰ হোটেলৰ কোঠাৰ সমগ্ৰ দৃশ্য তেওঁ নথকা অৱস্থাত ভিডিঅ’ কৰি ইণ্টাৰনেটত প্ৰচাৰ কৰাক লৈ ক্ৰিকেটাৰ গৰাকী ক্ষুব্ধ হৈ পৰিছে ৷
ইনষ্ট্ৰাগ্ৰামত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে ইয়াৰ ফলত তেওঁৰ গোপনীয়তা ভংগ কৰা হৈছে ৷ ক্ৰিকেটাৰজন উপস্থিত নথকাকৈ কোনোবাই বেটছমেনজনৰ হোটেলৰ কোঠাত প্ৰৱেশ কৰি ৰেকর্ড কৰা ভিডিঅ’টোত কোহলিয়ে ব্যৱহাৰ কৰা কাপোৰ কানি তথা অন্যান্য সামগ্ৰী স্পষ্টভাৱে দেখা গৈছিল ৷ ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে অনুৰাগীসকলক অনুৰোধ জনায় যে তেওঁলোকে সকলোৰে গোপনীয়তাক সন্মান কৰক ৷ গতে তেওঁলোকক মনোৰঞ্জনৰ বাবে “পণ্য” হিচাপে গণ্য নকৰিবলৈয়ো কোহলিয়ে আহ্বান জনায় ।
https://www.instagram.com/reel/CkXVWI6g7Ff/?utm_source=ig_embed&ig_rid=1303b956-1a21-4a50-bd52-7dd8e3095e6e
কোহলিয়ে কয় ,”মই বুজি পাওঁ যে অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলক দেখি অতি সুখী আৰু উত্তেজিত হয় ৷ তেওঁলোকক লগ পাবলৈ উৎসাহিত হয় আৰু মই সেই কথাৰ সদায় শলাগ লৈ আহিছো। কিন্তু ইয়াত এই ভিডিঅ’টো ভয়ংকৰ আৰু ই মোৰ গোপনীয়তা ভংগ কৰিছে ৷ যদি মই নিজৰ হোটেলৰ কোঠাত গোপনীয়তা ৰাখিব নোৱাৰো, তেন্তে মই সঁচাকৈয়ে ক’ত আচলতে কোনো ব্যক্তিগত স্থান আশা কৰিব পাৰো?? অনুগ্ৰহ কৰি মানুহৰ গোপনীয়তাক সন্মান কৰক আৰু তেওঁলোকক মনোৰঞ্জনৰ বাবে এটা পণ্য হিচাপে ব্যৱহাৰ নকৰিব ৷ “