অহা বছৰ চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ ভাৰতীয় দল প্ৰেৰণ নকৰিবও পাৰে ইণ্ডিয়ান ক্ৰিকেট ব’ৰ্ডে। ফলত আই চি চি চেম্পিয়নছ ট্ৰফী আন এখন দেশলৈ স্থানান্তৰিত হ’ব পাৰে। যোৱা এছিয়া কাপৰ দৰেই হাইব্ৰিড মডেলত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে ভাৰতে ।
এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো সিদ্ধান্ত ঘোষণা কৰা নাই বিচিচিআইয়ে। ব’ৰ্ডৰ সূত্ৰৰ মতে, ভাৰতীয় দলটোক পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ বাবে দৃঢ় হৈছে জয় শ্বাহ। ব’ৰ্ডৰ এজন বিষয়াই কয়, “দ্বিপাক্ষিক শৃংখলাৰ কথা পাহৰি যাওক। ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নাযায় ভাৰতীয় দলটো। স্থানান্তৰ বা হাইব্ৰিড মডেল— যিধৰণে সুবিধা হয় সেই ধৰণে প্ৰতিযোগিতা অনুষ্ঠিত হ’ব পাৰে। পাকিস্তানলৈ দল প্ৰেৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি ল’ব লাগিব ব’ৰ্ডে। ভাৰত-পাকিস্তানৰ সম্পৰ্ক এতিয়াও সেই স্থানত উপনীত হোৱা নাই যে কেন্দ্ৰই অনুমতি দিব।”
চেম্পিয়নছ ট্ৰফী হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) প্ৰতিযোগিতা। পাকিস্তান আয়োজক দেশ। দল প্ৰেৰণ নকৰিলে বিপদত পৰিব পাৰে ভাৰত। অৱশ্যে দলটো নপঠোৱাৰ কথাই ভাবিছে বিচিচিআইয়ে। পৰৱৰ্তী টি-২০ বিশ্বকাপৰ পিছত ব’ৰ্ডৰ বিষয়াসকলে আইচিচিৰ বিষয়াসকলৰ সৈতে এই বিষয়ে আলোচনা কৰিব পাৰে। কেন্দ্ৰই অনুমতি নিদিলে ব’ৰ্ডৰ বিষয়াসকলে কোনো ধৰণৰ সিদ্ধান্ত ল’ব নোৱাৰে ৷
১৯৯৬ চনৰ বিশ্বকাপৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানত অনুষ্ঠিত হ’ব আই চি চিৰ প্ৰতিযোগিতা। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিশ্চিতভাৱে সমগ্ৰ প্ৰতিযোগিতাখন পাকিস্তানৰ মাটিত অনুষ্ঠিত কৰিবলৈ হেঁচা দিব। কাৰণ আই চি চিয়ে পাকিস্তানক প্ৰতিযোগিতাখন আয়োজনৰ দায়িত্ব দিছিল। পাকিস্তানক দায়িত্ব অর্পন কৰাৰ সময়ত ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক ক্ৰিকেট সম্পৰ্ক একেই আছিল। ফলত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ ভিত্তিত ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ সৈতে জটিলতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে যোৱা এছিয়া কাপত বিচিচিআইয়ে পাকিস্তানলৈ দল নপঠিওৱাৰ পাছতো বাবৰ আজমৰ দল ভাৰতলৈ আহিছিল এদিনীয়া বিশ্বকাপ খেলিবলৈ।
পাকিস্তান ক্ৰিকেট দলে শেষবাৰৰ বাবে ২০১৩ চনত ভাৰত ভ্ৰমণ কৰিছিল। তাৰ পিছত দুয়োখন দেশৰ মাজত কোনো দ্বিপাক্ষিক শৃংখলাত মুখামুখি হোৱা নাই। আইচিচি আৰু এছিয়ান ক্ৰিকেট কাউন্সিলৰ (এচিচি) প্ৰতিযোগিতা অবিহনে দুয়োখন দেশৰ মুখামুখি নহয়।