আফগানিস্তানত আশ্ৰফ ঘানিৰ চৰকাৰৰ পতন হোৱাৰ পাচত গঠিত হৈছে তালিবানৰ নতুন চৰকাৰ। নতুন চৰকাৰে জাৰি কৰিছে আৰু এক নতুন নিষেধাজ্ঞা। নিষেধাজ্ঞা অনুসৰি আফগানিস্তানৰ মহিলাসকলে এতিয়াৰে পৰা অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো ক্ৰীড়াত। উল্লেখ্য যে তালিবানে শাসনভাৰ লোৱাৰ পাছতেই জাৰি কৰা হৈছে এই নিষেধাজ্ঞা।
কট্টৰপন্থী ইচলামিক সংগঠনে তেঁওলোকৰ অফিচিয়েল ৱেবচাইটত এই কথা দাবী কৰিছে। অস্ট্ৰেলিয়াৰ এটা টিভি চেনেলত দিয়া সাক্ষাৎকাৰত তালিবানৰ সাংস্কৃতিক আয়োগৰ উপ-প্ৰমুক্ষ্য আহমেদুল্লাহ ওয়াশিকৰ মতে মহিলাসকলে খেল খেলাৰ কোনো প্ৰয়োজন নাই কাৰণ ই দেশৰ সংস্কৃতিৰ বাবে উপযুক্ত নহয়। ওয়াশিকৰ মতে মহিলাসকলে ক্ৰিকেট বা অন্য কোনো খেল খেলিলে শৰীৰ উন্মুক্ত হৈ যায়, সেইবাবেই আফগানী মহিলা সকলে কোনো ক্ৰীড়াতেই অংশগ্ৰহণ কৰাৰ কোনো প্ৰয়োজনো নাই।
উল্লেখযোগ্য যে ইয়াৰ আগতে তালিবানে আফগানী মহিলাসকলক বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছিল। নিষেধাজ্ঞা মতে কেৱল মহিলা শিক্ষয়িত্ৰীয়েহে ছাত্ৰী সকলক পঢ়োৱাব পাৰিব আৰু সেয়ে নহ’লে বয়স্ক শিক্ষক যাৰ চৰিত্ৰত কোনো দাগ নাই তেনে শিক্ষকেহে ছাত্ৰীসকলক পঢ়োৱাব পাৰিব।ইয়াৰ উপৰিও মহিলাসকলে নিয়মিত বুৰ্খা পিন্ধিব লাগিব আৰু কোনো পুৰুষৰ লগত একেলগে বহিব নোৱাৰিব। ছাত্ৰ আৰু ছাত্ৰীসকলৰ মাজত এখন পৰ্দা থাকিব।
উল্লেখযোগ্য যে বুধবাৰে আফগানিস্তানৰ নতুন অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে । আনহাতে মংগলবাৰে ৰাতিয়েই নতুন মন্ত্ৰীসভাৰ সদস্যসকলৰ নামো ঘোষণা কৰা হয়। পূৰ্বতে প্ৰতিশ্ৰুতি দিয়ামতে নতুন কেবিনেটত কিন্তু এতিয়ালৈকে কোনো মহিলাক স্থান দিয়া হোৱা নাই।