টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল নিউজিলেণ্ড। শুকুৰবাৰে আফগানিস্তানে জয়লাভ কৰাৰ লগে লগে নিউজিলেণ্ড বিশ্বকাপৰ পৰা বাহিৰ হয় ৷ আফগানিস্তানে পাপুয়া নিউগিনীক ৭ উইকেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে ৰছিদ খানৰ দলটোৱে ছুপাৰ ৮ ত নিজৰ স্থান সুনিশ্চিত কৰে।
ছুপাৰ ৮ত ভাৰতৰ গ্ৰুপত থাকিব আফগানিস্তান। ২০ জুনত ভাৰত-আফগানিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’ব । অৰ্থাৎ ভাৰতৰ গ্ৰুপত তিনিটা দল নিশ্চিত হ’ল। ইয়াৰ পূৰ্বে ভাৰত আৰু অষ্ট্ৰেলিয়াই ছুপাৰ ৮ত স্থান লাভ কৰিছিল ৷ এইবাৰ আফগানিস্তানেও এই গ্ৰুপত প্ৰৱেশ কৰিলে ৷ আৰু এটা দলে এই গ্ৰুপত স্থান লাভ কৰিব ৷ গ্ৰুপ ডিৰ কোনটো দলে এই গ্ৰুপত স্থান পায় তাৰ ওপৰত দৃষ্টি নিৱদ্ধ হৈ থাকিব ৷ অৱশ্যে বৃহস্পতিবাৰে নেদাৰলেণ্ডক পৰাস্ত কৰি বাংলাদেশৰ অৱস্থা কিছু উন্নত। ভাৰতৰ গ্ৰুপত বাংলাদেশে স্থান লাভ কৰিব পাৰে।
আফগানিস্তানৰ বাহিৰেও ৱেষ্ট ইণ্ডিজে গ্ৰুপ চিৰ পৰা যোগ্যতা অৰ্জন কৰিছে। নিউজিলেণ্ডৰ বাহিৰেও উগাণ্ডা আৰু পাপুয়া নিউগিনিও সেই গোটৰ পৰা বাহিৰ হৈছে। অৱশ্যে নিউজিলেণ্ডৰ হাতত এতিয়াও দুখন মেচ বাকী আছে। উগাণ্ডা আৰু পাপুয়া নিউগিনিৰ মাজত এখনকৈ মেচ বাকী আছে। সেই সকলোবোৰ মেচতে জয়ী হ’লেও এই তিনিটা দলে ছুপাৰ ৮ত স্থান লাভ কৰাটো সম্ভৱ নহ’ব৷
মেচখনত প্ৰথম বেটিং কৰি পাপুয়া নিউগিনিয়ে ৯৫ ৰান সংগ্ৰহ কৰে। পেচাৰ ফাজালহাক ফাৰুকিয়ে ৩টা উইকেট দখল কৰে। নবীন উল হকে ২ উইকেট দখল কৰে। নূৰ আহমেদে এটা উইকেট দখল কৰে। ২৯টা বল বাকী থকা অৱস্থাত আফগানিস্তানে জয়লাভ কৰে। ৭ উইকেটত জয়লাভ কৰে আফগানিস্তানে।
ইংলেণ্ডে বৃহস্পতিবাৰে নিশা ওমানক পৰাস্ত কৰে। মাত্ৰ ৪৭ ৰানতে শেষ হয় ওমানৰ ইনিংছ। ১৩.২ অভাৰত শেষ হয় ওমানৰ ইনিংছ। ইংলেণ্ডে ৩.১ অভাৰত ৫০ ৰান কৰি জয়লাভ কৰে।