আমেৰিকাত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত উগাণ্ডাৰ বিৰুদ্ধে আফগানিস্তানে বৃহৎ জয়লাভ কৰে। গিয়ানাৰ খেলপথাৰত ৰছিদ খানৰ দলটোৱে ১২৫ ৰানত জয়লাভ কৰে।
আফগানিস্তানৰ দুই অ’পেনাৰ ৰহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জাদ্ৰানে প্ৰথমে দুর্দান্ত প্ৰদর্শন কৰিবলৈ সক্ষম হয় ৷ দ্ৰুততাৰে তেওঁলোকে ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে ৷ উগাণ্ডাৰ বলাৰৰ বিৰুদ্ধে দুয়ো হাত খুলি তেওঁলোকে বেটিং কৰে ৷ তেওঁলোকে পাৱাৰ প্লে ব্যৱহাৰ কৰে।
দুয়োজন বেটছমেনেই অর্ধশতক অর্জন কৰে ৷ ইব্ৰাহিম ৭০ ৰানত আউট হৈছিল আৰু তাৰ পিছত গুৰবাজে ৭৬ ৰানত আউট হয়। অ’পেনাৰ দুজন আউট হোৱাৰ পিছত ৰান সংগ্ৰহৰ গতি শিথিল হৈ পৰে ৷ ২০ অভাৰত ৫ উইকেটত ১৮১ ৰানত সমাপ্ত হয় ইনিংছ । শেষৰ ৩৩টা বলত তেওঁলোকে ২৭ ৰান সংগ্ৰহ কৰে।
ইয়াৰ পাছত উগাণ্ডাই প্ৰথম অভাৰৰ পৰাই দূর্বল প্ৰদর্শন আৰম্ভ কৰে ৷ প্ৰথম অভাৰত ফাজলহাক ফাৰুকিয়ে দুটা উইকেট দখল কৰে। তেওঁ ৰোনাক পেটেল আৰু ৰজাৰ মুকাছাক আউট কৰে। পাৱাৰ প্লে’ত ৫ উইকেট হেৰুৱাই উগাণ্ডা। তেওঁলোকৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে ৰবিনছন অবুয়াই (১৪)। মাত্ৰ দুজন উগাণ্ডাৰ বেটছমেনেহে দুটা সংখ্যাৰ ৰান সংগ্ৰহ কৰে।
শেষত উগাণ্ডাই ১৬ অভাৰত ৫৮ ৰান সংগ্ৰহ কৰি অল আউট হয়। চাৰি অভাৰত ৯ ৰানেৰে ৫টা উইকেট দখল কৰে ফাৰুকিয়ে। নবীন উল হক আৰু ৰছিদ খানে ২টাকৈ উইকেট দখল কৰে। মুজিব উৰ ৰহমানে ১ উইকেট দখল কৰে। আফগানিস্তানে ১২৫ ৰানত জয়লাভ কৰে।