চাৰি বছৰৰ পাছত চেম্পিয়নছ লীগত পুনৰ গৌৰৱ অনুভৱ কৰিছে বাৰ্চিলোনাই। মঙলবাৰে নিশা চেম্পিয়নছ লীগৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে দলটোৱে । পাঁচবাৰৰ চেম্পিয়ন দলটোৱে নাপোলিক ৩-১ গ’লত পৰাস্ত কৰে। ফিৰমিন লোপেছ, জোৱাও কান্সেলো আৰু ৰবাৰ্ট লিয়ণ্ডোস্কিয়ে গ’ল দিয়ে। বাৰ্চিলোনাই দুটা ৰাউণ্ডত ৪-২ গ’লত জয়লাভ কৰে। প্ৰথম লেগত ১-১ গ’লত ড্ৰ’ হৈছিল।
বিগত দুটা ছিজনত বাৰ্চিলোনা গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হৈছে। ২০১৯-২০ বৰ্ষৰ পিছত পুনৰ কোৱাৰ্টাৰ ফাইনেলত দলটোৱে প্ৰৱেশ কৰে। সেইবাৰ বায়াৰ্ন মিউনিখে তেওঁলোকক বাহিৰ কৰি দিছিল। এইবাৰ শেষৰ চাৰিটাত তেওঁলোকক অনুৰাগীয়ে দেখা পাব নে নাই সেয়া সময়ে ক’ব।
মিডফিল্ডাৰ চাৰ্জি ৰবাৰ্ট’ই কয় –“ এটা কল্পনাতীত নিশা। চাৰি বছৰ ধৰি আমি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব পৰা নাছিলো। শেষত আমি য’ত খেলাৰ যোগ্য সেই ঠাইলৈ উভতি আহিছো। এই মুহূৰ্তটো উপভোগ কৰাৰ দৰেই।”
চেম্পিয়নছ লীগ হৈছে বাৰ্চিলোনাৰ এই ছিজনত ট্ৰফী জয় কৰাৰ অন্তিম সুযোগ। ইতিমধ্যে কোপা ডেল ৰেৰ পৰা বাহিৰ হৈছে দলটো । স্পেনিছ লীগত ৰিয়েল মাদ্রিদৰ পৰা ৭ পইণ্ট পিছ পৰি আছে৷ ইতিমধ্যে প্ৰশিক্ষক জাভি হাৰ্নাণ্ডেজে ছিজনৰ শেষত পদত্যাগ কৰিব বুলি কৈছে।
নাপোলিক পৰাস্ত কৰাৰ পিছত জাভিয়ে কয়, ‘মই এখন ডাঙৰ মেচ খেলিলোঁ। বহুত সমালোচনা শুনিলে। আজি আমি দেখুৱাইছো যে ইউৰোপত যুঁজ দিয়াৰ ক্ষমতা আমাৰ আছে। ইউৰোপৰ শীৰ্ষ আঠটা দলৰ ভিতৰত আমিও আছো ৷”
আনহাতে, পেনাল্টি শ্বুটআউটত পৰ্টোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ’ হোৱাৰ পিছত আৰ্চেনালে কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়ি যায়। ইফালে জুভেন্টাছে ফিফা ক্লাব বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে কাৰণ নাপোলি বাহিৰ হয়। পৰৱৰ্তী সময়ত ৩২টা দলৰ সৈতে ক্লাব বিশ্বকাপ অনুষ্ঠিত হ’ব। জুভেন্টাছে ২১ নং দল হিচাপে যোগ্যতা অৰ্জন কৰে।