শ্বাহৰুখ খান প্ৰীতি জিণ্টাৰ পিছত এইবাৰ ক্ৰিকেট দল এটা ক্ৰয় কৰিলে বলীউডৰ আন এজন তাৰকাই। সঞ্জয় দত্তই ক্ৰয় কৰিছে ক্ৰিকে্ট টীম । জিম্বাবুৱেত আৰম্ভ হ’ব ফ্ৰেঞ্চাইজি লীগ। এই লীগত দল ক্ৰয় কৰিছে সঞ্জয় দত্তই ৷ আই পি এলত কলকাতা দলৰ মালিক শ্বাহৰুখ খানৰ বিশ্বৰ আন কিছুমান ফ্ৰেঞ্চাইজি লীগত দল আছে। আনহাতে পঞ্জাৱ দলৰ মালিক প্ৰীতি। সঞ্জয়ে জিম্বাবুৱেৰ হাৰাৰে চহৰৰ পৰা এটা দল ক্ৰয় কৰিছে। বহুদিনৰ মূৰত পুনৰ ক্ৰিকেট দল ক্ৰয় কৰা দেখা গ’ল বলীউডৰ এগৰাকী শীৰ্ষ অভিনেতাক।
বিশ্বৰ বিভিন্ন প্ৰান্তত ফ্ৰেঞ্চাইজি লীগ আৰম্ভ হৈছে। সেই তালিকাত নতুনকৈ সংযোজন কৰা হৈছে জিম্বাবুৱে। সেই দেশৰ এই ৯ দিনীয়া লীগত পাঁচটা দলে খেলিব। নতুন প্ৰতিযোগিতাখনৰ নাম জিম এফ্ৰ ১০ ৷ ২০ জুলাইৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। ২৯ জুলাইলৈকে চলি থাকিব। প্ৰতিখন মেচ অনুষ্ঠিত হ’ব হাৰাৰেত। সঞ্জয়ে হাৰাৰে হাৰিকেনছৰ দলটো ক্ৰয় কৰিছে। দলটোৰ অন্যতম মালিক তেওঁ। সঞ্জয়ে লগতে মেষ গ্ৰুপৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া সোহন ৰায়ে গ্ৰুপটো ক্ৰয় কৰে।
জিম্বাবুৱেত এইবাৰ প্ৰথমবাৰৰ বাবে ফ্ৰেঞ্চাইজি লীগ আৰম্ভ হ’বলৈ ওলাইছে। হাৰাৰেৰ উপৰিও আন দলসমূহ হ’ল ডাৰবান কেলেণ্ডাৰছ, কেপ টাউন চেম্প আৰ্মি, বুলাৱায়ো ব্ৰেভছ আৰু জোবাৰ্গ লায়ন্স। অৰ্থাৎ পাঁচটা দলৰ ভিতৰত তিনিটা দক্ষিণ আফ্ৰিকাৰ চহৰৰ দল আছে।