কোপা আমেৰিকাত গোলাপী কাৰ্ড প্ৰৱর্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এইবাৰ কোপা আমেৰিকাত আন এটা নতুন সিদ্ধান্ত লোৱা হৈছে ৷ দক্ষিণ আমেৰিকান ফুটবল কনফেডাৰেচনে (CONMABLE) কয় যে কোপা আমেৰিকাত প্ৰথমবাৰৰ বাবে মহিলা ৰেফাৰী দেখা যাব। ২০ জুনৰ পৰা ১৪ জুলাইলৈকে চলিব এই প্ৰতিযোগিতা ।
আমেৰিকাত অনুষ্ঠিত এই প্ৰতিযোগিতাত ১০১ জন লোকক মেচখন পৰিচালনা কৰিবলৈ ৰখা হৈছে। ইয়াৰ ভিতৰত আছে ৮ গৰাকী মহিলা। ৰেফাৰী হিচাপে খেলখনৰ অফিচিয়েশ্যন কৰিব ব্ৰাজিলৰ এডিনা আলভেছ আৰু আমেৰিকাৰ মাৰিয়া ভিক্টোৰিয়া পেনছ’ই। ভাৰৰ ৰেফাৰী হ’ব নিকাৰাগুয়াৰ টাটিয়ানা গুজমেন। সহকাৰী ৰেফাৰী হিচাপে থাকিব ব্ৰাজিলৰ নেউজা বেক, কলম্বিয়াৰ মেৰী ব্লাংকো, ভেনিজুৱেলাৰ মিগডালিয়া ৰড্ৰিগেজ আৰু আমেৰিকাৰ ব্ৰুক মেয়ো আৰু কেথ্ৰিন নেছবিট।
খেলপথাৰৰ ভিতৰত আৰু বাহিৰত অধিক মহিলাক ফুটবলৰ সৈতে জড়িত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। দক্ষিণ আমেৰিকান ফুটবল কনফেডাৰেচনে দাবী কৰিছে যে ২০১৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। ২০২১ চনত আলভেছে প্ৰথম মহিলা ৰেফাৰী হিচাপে ক্লাব বিশ্বকাপৰ অফিচিয়েশ্যন কৰিছিল।