কাটাৰত অনুষ্ঠিত বিশ্বকাপত মৰক্কোৱে ইটোৰ পিছত সিটো অঘটন সংঘটিত কৰিছিল। ছেমি ফাইনেলত স্পেইন আৰু পৰ্তুগালৰ দৰে দলক পৰাস্ত কৰে মৰক্কোৱে ৷মৰক্কোৰ এই পৰাক্ৰম অব্যাহত আছে। এইবাৰ প্ৰদৰ্শনীমূলক খেলত ব্ৰাজিলক পৰাস্ত কৰে মৰক্কোৱে। শনিবাৰে নিশা আশ্ৰাফ হাকিমিৰ মৰক্কোৱে ২-১ গ’লত জয়লাভ কৰে। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি তেওঁলোকে ক্ৰীড়াপ্ৰেমীক আচৰিত কৰি তোলে ৷
টেংগিয়াৰৰ ইবন বাটুটা ষ্টেডিয়ামত ৬৫ হাজাৰ দৰ্শক উপস্থিত থাকে। বিশ্বকাপৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰুৱা ক্ষেত্ৰত মৰক্কোৱে খেলে । আৰম্ভণিতে ব্ৰাজিলে প্ৰতিদ্বন্দীৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰিছিল। ই খেলখন অধিক ৰোমাঞ্চকৰ কৰি তোলে ৷ মৰক্কোৰ ডিফেণ্ডাৰৰ কঠিন প্ৰত্যাহ্বান ক্ষুব্ধ হৈ পৰিছিল ব্ৰাজিলৰ ফুটবলাৰসকল। যদিও মেচখনত ব্ৰাজিলে বল নিয়ন্ত্ৰণ কৰিছিল, মৰক্কোৱে ওলোটাই আক্ৰমণ আৰম্ভ কৰিছিল।
২৯ মিনিটৰ পাছত ছৌফিয়ান বৌফালে এটা গ’ল দি মৰক্কোক আগুৱাই লৈ যায়। বিশ্বকাপৰ প্ৰতিখন মেচতে তেওঁ ভাল প্ৰদর্শন কৰিছিল ৷ ৬৭ মিনিটত ব্ৰাজিলে সমতা স্থাপন কৰে। আব্দেলহামিদ ছাবিৰিয়ে দিয়া আন এটা গ’লেৰে মৰক্কোৱে মেচখন জয়লাভ কৰিবলৈ সক্ষম হয় ৷