পুনৰ অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মেচ ৷ ডুয়োটা দল যোৱা বছৰ এছিয়া কাপ আৰু টি-২০ বিশ্বকাপত একেলগে তিনিবাৰকৈ মুখামুখি হৈছিল। নতুন বছৰ পুনৰ মুখামুখি হ’ব দুয়োটা দল ৷ বিচিচিআইৰ সম্পাদক জয় শ্বাহে এই কথা অৱগত কৰিছে । বৃহস্পতিবাৰে পুৱা তেওঁ টুইটাৰ যোগে ঘোষণা কৰে যে ছেপ্টেম্বৰ মাহত এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ মেচ অনুষ্ঠিত হ’ব। দুয়োটা দলকে একেটা গ্ৰুপতে স্থান দিয়া হৈছে।
এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি জয় শ্বাহ। দিনটোৰ টুইটত তেওঁ বিভিন্ন প্ৰতিযোগিতা আৰু ২০২৩ আৰু ২০২৪ চনৰ কেলেণ্ডাৰ প্ৰকাশ কৰে। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত এছিয়া কাপ অনুষ্ঠিত হ’ব। তাত ভাৰত আৰু পাকিস্তান একেটা গোটতে আছে। এখন দেশ তৃতীয় দল হিচাপে যোগ্যতা অৰ্জন কৰিব লাগিব। গ্ৰুপটোৰ আন তিনিটা দল হৈছে শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তান।
যোৱা বছৰ এছিয়া কাপৰ গ্ৰুপ পৰ্যায়ৰ মেচত ভাৰতে পাকিস্তানক পৰাস্ত কৰিছিল। ছুপাৰ ফোৰত পাকিস্তানৰ পাছত শ্ৰীলংকাৰ হাতত পৰাস্ত হৈ ভাৰতে ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। ফাইনেলত পাকিস্তানক পৰাস্ত কৰি শ্ৰীলংকাই ট্ৰফী লাভ কৰে।
টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলিছিল। সেই মেচখনত মেলবৰ্ণত এক লাখ দৰ্শকৰ সন্মুখত ভাৰতে জয়লাভ কৰে ৷ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হৈ ভাৰত প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয় ৷ ইংলেণ্ডে ফাইনেলত পাকিস্তানক পৰাস্ত কৰে।