অজিত আগৰকাৰ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বাছনি সমিতিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে । ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে মঙলবাৰে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰগৰাকীক মুখ্য নিৰ্বাচক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে।
আগৰকাৰ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক হ’ব পাৰে বুলি ইতিমধ্যে চর্চা আৰম্ভ হৈছিল । ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ তথ্য অনুসৰি আবেদন কৰা প্ৰাৰ্থীৰ ভিতৰত আছিল প্ৰাক্তন অলৰাউণ্ডাৰগৰাকী। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দীৰ্ঘদিনীয়া খেলাৰ অভিজ্ঞতা থকাৰ বাবে আগৰকাৰে বাকীসকলতকৈ অগ্ৰাধিকাৰ লাভ কৰে ৷
ভাৰতীয় ব’ৰ্ডে এক বিবৃতিত কয় যে, “সুলক্ষনা নায়ক, অশোক মালহোত্ৰা আৰু যতীন পৰঞ্জপৰ ক্ৰিকেট পৰামৰ্শদাতা সমিতিয়ে সাক্ষাৎকাৰৰ জৰিয়তে বাছনি সমিতিৰ অধ্যক্ষ বাছনি কৰে।অজিত আগৰকাৰৰ নাম সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হ’ল।“
ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক পদৰ বাবে আগ্ৰহী প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা আবেদন আহ্বান কৰে। কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰে আগ্ৰহ প্ৰকাশ কৰি আবেদন জনায়। বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চেতন শৰ্মাই পদত্যাগ কৰাৰ পিছৰে পৰা মুখ্য নিৰ্বাচকৰ পদ খালী হৈ আছে। শিৱসুন্দৰ দাস অস্থায়ীভাৱে এই পদত কর্মৰত হৈ আছে ৷
প্ৰাক্তন বেগী বলাৰ ছালিল আংকোলা এতিয়া পশ্চিম অঞ্চলৰ ৰাষ্ট্ৰীয় নিৰ্বাচক। আগৰকাৰক মুখ্য নিৰ্বাচক হিচাপে নিযুক্তি দিয়াৰ বাবে পশ্চিম অঞ্চলৰ দুজন ৰাষ্ট্ৰীয় নিৰ্বাচক হিচাপে থাকিব ৷ ৪৫ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দেশৰ হৈ ২৬খন টেষ্ট, ১৯১খন এদিনীয়া আৰু ৪খন টি-২০ মেচ খেলিছে। দীৰ্ঘদিন ধৰি মুম্বাইৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলাৰ অভিজ্ঞতাও তেওঁৰ আছে। অংকোলা, শিৱসুন্দৰ আৰু আগৰকাৰৰ উপৰিও সুব্ৰত বেনাৰ্জী আৰু শ্ৰীধৰণ সাৰথ ৰাষ্ট্ৰীয় দলৰ নিৰ্বাচক।