এটা টেষ্ট ইনিংছতে ১০ টা উইকেট দখল কৰি অভিলেখ গঢ়িলেও বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ নিউজিলেণ্ড টেষ্ট দলত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল এজাজ পাটেল ৷ অহা ১ জানুৱাৰীৰ পৰা বাংলাদেশৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া দুখন টেষ্টৰ শৃংখলাৰ বাবে বৃহস্পতিবাৰে ঘোষণা কৰা নিউজিলেণ্ডৰ ১৩ জনীয়া দলত নাই পাটেলৰ নাম ৷
উল্লেখ্য যে অফস্পিনাৰ পাটেল টেষ্ট ইতিহাসত একেটা ইনিংছত ১০ টা উইকেট দখল কৰা তৃতীয়জন ক্ৰিকেটাৰ ৷ ইয়াৰ পূর্বে ইংলেণ্ডৰ জিম লেকাৰ আৰু ভাৰতৰ অনিল কুম্বলেই এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ৷ শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে খেলা দ্বিতীয় টেষ্টত পাটেলে এই অভিলেখ গঢ়িছিল ৷
নিউজিলেণ্ডৰ ঘোষিত দলটোঃ
টম লাথাম (অধিনায়ক), টম ব্লণ্ডেল, ট্ৰেণ্ট ব’ল্ট, ডেভন কনৱে, মেট হেনৰী, কাইল জেমিচন, ডেৰিল মিটচেল, হেনৰী নিকলছ, ৰাচিন ৰবীন্দ্ৰ, টিম চাউদি, ৰ’ছ টেইলৰ, নীল ৱাগনাৰ, উইল ইয়ং