অল ইণ্ডিয়া ৰেছলিং এছ’চিয়েশ্যনৰ পৰা আঁতৰি আহিব লগা হ’ল ব্রিজভূষণ শৰণ সিঙে৷ তেওঁৰ পুত্ৰ কৰণ প্ৰতাপো থাকিব নোৱাৰিব এই সংগঠনত । সংগঠনটোৰ নিৰ্বাচনৰ বাবে সৃষ্টি হোৱা নিৰ্বাচনী কলেজত নাম নাই ব্ৰিজভূষণ আৰু তেওঁৰ পুত্ৰৰ ৷
সাক্ষী মালিক, বজৰং পুনিয়া, বিনেশ ফোগাটকে ধৰি দেশৰ একাংশ শীৰ্ষ মল্লযুঁজাৰুৱে ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এফআইআৰ দাখিল কৰে। দিল্লী আৰক্ষীয়ে তদন্তৰ অন্তত ১৫ জুনত ব্ৰিজভূষণৰ বিৰুদ্ধে ১৫৯৯ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল আদালতত। এই অভিযোগ প্ৰমাণিত হ’লে বিজেপি সাংসদগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু তাৰ পূর্বে নিখিল ভাৰতীয় মল্লযুঁজ সংস্থাত ব্রিজভূষণৰ কার্যকাল অন্ত পৰিব ৷ মন কৰিবলগীয়া যে ২০১২ চনৰ পৰা ব্রিজভূষণ নিখিল ভাৰতীয় মল্লযুঁজ সন্থাৰ সভাপতি হিচাপে কার্যনিবাহ কৰি আহিছে ৷ তেওঁৰ পুত্ৰ প্ৰতাপ সংগঠনটোৰ উপ-সভাপতি। ব্রিজভূষণৰ জোঁৱাই বিশাল সিং সংগঠনটোৰ অন্যতম ব’র্ড সদস্য৷
যোৱা বছৰৰ এপ্ৰিল মাহত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে নিখিল ভাৰত মল্লযুঁজ সন্থা ভংগ কৰিছিল। অহা ১২ আগষ্টত অনুষ্ঠিত হ’ব ইয়াৰ নিৰ্বাচন। নিৰ্বাচিত সদস্যসকলক লৈ নতুন পৰিচালনা সমিতি গঠন কৰা হ’ব। ব্রিজভূষণ আৰু তেওঁৰ পুত্র নাথাকিব এই নতুন সমিতিত ৷ মল্লযুঁজাৰুসকলৰ এটা দাবী আছিল যে ব্ৰিজভূষণৰ পৰিয়ালৰ কোনো সদস্যই সৰ্বভাৰতীয় মল্লযুঁজ সন্থাৰ নতুন শাসকীয় সংস্থাত অন্তৰ্ভুক্ত হ’ব নালাগে ৷ অৱশ্যে ব্রিজভূষণৰ জোঁৱাইৰ নাম নির্বাচনী কলেজত অন্তভুর্ক্ত হৈ আছে ৷ যদি বিশাল নিৰ্বাচিত হয় তেন্তে তেওঁ পুনৰ পৰিচালনা সমিতিলৈ আহিব পাৰে। অৱশ্যে মঙলবাৰে চূড়ান্ত হোৱা নিৰ্বাচনী কলেজত তেওঁৰ আন এক জোঁৱাই তথা সংগঠনটোৰ প্ৰাক্তন যুটীয়া সম্পাদক আদিত্য প্ৰতাপ সিঙৰ নাম উল্লেখ কৰা হোৱা নাই।
বিহাৰ মল্লযুঁজ সন্থাৰ সভাপতি হিচাপে নিৰ্বাচনী কলেজত স্থান লাভ কৰে বিশালে। অল ইণ্ডিয়া ৰেছলিং এছ’চিয়েশ্যনৰ সূত্ৰ অনুসৰি তেওঁ নিৰ্বাচিত হ’লেও কোনো গুৰুত্বপূৰ্ণ পদ নাপাব। সভাপতি, উপ-ৰাষ্ট্ৰপতি, সম্পাদক বা কোষাধ্যক্ষ পদৰ বাবে তেওঁৰ নাম বিবেচনা কৰা নহ’ব।