নিৰ্বাসিত হ’ল পল পগবা। ইটালীৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি তেওঁক চাৰি বছৰৰ বাবে তেওঁক নিৰ্বাসিত কৰা হৈছে ৷ প’গবাই ইটালীৰ ক্লাব জুভেন্টাছৰ হৈ খেলি আহিছিল । ২০১৮ চনত ফ্ৰান্সৰ হৈ তেওঁ বিশ্বকাপ জয় কৰিছিল। ড’পিঙৰ বাবেতেওঁ এই শাস্তি লাভ কৰিছে ৷
যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ইটালীৰ এণ্টি ড’পিং ট্ৰিবিউনেলে প’গবাক নিষিদ্ধ কৰিছিল। নিষিদ্ধ ঔষধ টেষ্টষ্টেৰন সেৱন কৰাৰ বাবে পগবাক নিষিদ্ধ কৰা হৈছিল। যোৱা বছৰৰ আগষ্ট মাহত উডিনেছৰ বিৰুদ্ধে জুভেন্টাছৰ মেচ আছিল। সেই মেচখনত জুভেন্টাছে ৩-০ গ’লত জয়লাভ কৰে। সেই মেচত ডপিঙৰ বাবে ধৰা পৰিছিল পগবা। যদিও সেই মেচত তেওঁক খেলিব দিয়া হোৱা নাছিল। ১৮ জনীয়া দলটোত আছিল প’গবা। প’গবাৰ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই জুভেন্টাছে। অৱশ্যে অতি সোনকালে তেওঁক বাদ দিয়া হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে।
প’গবাৰ হাতত আছে চুইছ কোৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টলৈ যোৱাৰ বিকল্প। তাত তেওঁ নিজৰ শাস্তিৰ বিৰুদ্ধে আবেদন কৰিব পাৰে। অৱশ্যে এই পেনাল্টিৰ ফলত প’গবাৰ ফুটবল কেৰিয়াৰ শেষ হ’ব পাৰে। ৩০ বছৰীয়া প’গবা যদি চাৰি বছৰৰ বাবে আউট হয়, তেন্তে তেওঁ পুনৰ সুযোগ পাব নে নাই সেয়া সন্দেহজনক। নিৰ্বাসনৰ সময়ত তেওঁৰ বয়স হ’ব ৩৪ বছৰ। সেই বয়সত প’গবাই ফুটবল খেলিবনে?
যদিহে পগবাই প্ৰমাণ কৰিব পাৰে যে তেওঁ জানি-বুজি ডপ কৰা নাছিল তেন্তে শাস্তি হ্ৰাস কৰিব পৰা যাব। প’গবাই মানচেষ্টাৰ ইউনাইটেড এৰি ২০২২ চনত জুভেন্টাছত যোগদান কৰে। ইয়াৰ পূৰ্বে তেওঁ ইটালীৰ ক্লাবৰ হৈ খেলিছিল।