তিনি বছৰ ধৰি আই পি এলত ভাল খেলিব নোৱাৰিলেও মুকেশ আম্বানীৰ দলটোৱে আমেৰিকান মেজৰ লীগ ক্ৰিকেটৰ প্ৰথম ছিজনত চেম্পিয়নৰ খিতাপ দখল কৰে । নিউয়ৰ্কৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছে ছিয়াটল অৰ্কাছক পৰাস্ত কৰে। ফাইনেলত মুম্বাইৰ অধিনায়ক নিকোলাছ পুৰানে শতক অৰ্জন কৰে। পুৰানে কেৱল ৫৫টা বলত ১৩৭ ৰানৰ ইনিংছ খেলিছিল। তেওঁৰ বিধ্বংসী ইনিংছটোৱে ছিয়াটলক পৰাজয়ত সহজ কৰি তোলে ৷মুম্বাইয়ে সহজেই মেচখনত জয়লাভ কৰি চেম্পিয়ন হয় ৷ ৫ বাৰ আই পি এল জয় কৰাৰ পিছত আন এক ট্ৰফী প্ৰৱেশ কৰে মুম্বাই ইণ্ডিয়ানছৰ হাতত ৷
মেজৰ লীগ ক্ৰিকেটত ফাইনেল পৰ্যন্ত মুম্বাইৰ অধিনায়ক হিচাপে আছিল কিয়ৰন পোলাৰ্ড। কিন্তু তেওঁ ফাইনেল খেলা নাছিল। তাৰ পৰিৱৰ্তে পুৰানে আগভাগ লৈছিল। অধিনায়ক হিচাপে প্ৰথমখন মেচতে তেওঁ দৃষ্টি আকৰ্ষণ কৰিছিল। প্ৰথমে বেটিং কৰি ছিয়াটলে ৯টা উইকেট হেৰুৱাই ২০ অভাৰত ১৮৩ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ কুইণ্টন ডি ককে ৫২টা বলত ৮৭ ৰান সংগ্ৰহ কৰে। শেষত ড্ৱেইন প্ৰিট’ৰিয়াছে ৭টা বলত ২১ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ বলাৰসকলৰ ভিতৰত ট্ৰেণ্ট ব’ল্ট আৰু ৰছিদ খানে ৩টাকৈ উইকেট দখল কৰে। পুৰানে যথেষ্ট বুদ্ধিমানৰূপে বলিঙৰ পৰিৱৰ্তন কৰিছিল।
মুম্বাইৰ আৰম্ভণি ভাল নাছিল ৷ কোনো ৰান নোহোৱাকৈ আউট হ’ল ষ্টিভেন টেইলৰ। কিন্তু পুৰানে তিনি নম্বৰত বেটিং কৰিবলৈ আহি খেলৰ ছবিখন সলনি কৰিলে। যদিও তেওঁ সাধাৰণতে মিডল অৰ্ডাৰত বেটিং কৰে, তথাপিও ফাইনেলত তেওঁ নিজকে টপ অর্ডাৰত সফল হিচাপে প্ৰতিপন্ন কৰিবলৈ সক্ষম হয় ৷