পেৰিছ অলিম্পিকৰ কোটা লাভ কৰা ভাৰতৰ প্ৰথমজন পুৰুষ বক্সাৰ হিচাপে পৰিগণিত হয় নিশান্ত দেৱ। তেওঁ অলিম্পিকৰ অৰ্হতা প্ৰতিযোগিতাত ৭১ কেজি শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি দেশৰ হৈ প্ৰতিনিধিত্ব নিশ্চিত কৰে।
মহিলা বক্সিঙৰ তিনিওটা শাখাত ভাৰতৰ অংশগ্ৰহণ ইতিমধ্যে নিশ্চিত কৰা হৈছে। পুৰুষৰ শাখাত ভাৰতৰ অংশগ্ৰহণ অনিশ্চিত আছিল কিয়নো ইমান দিনে কোনেও কোটা লাভ কৰিব পৰা নাছিল। নিশান্তই সেই অনিশ্চয়তা দূৰ কৰিলে। নিশান্তই কোৱাৰ্টাৰ ফাইনেলত মলডোভৰ ৱাচিলে চেবোটাৰীক পৰাস্ত কৰি পুৰুষৰ বক্সিঙৰ দেশৰ প্ৰথম কোটা লাভ কৰে। খেলখনত ভাৰতীয় বক্সাৰগৰাকীৰ ৫-০ পইণ্টত জয়লাভ কৰে ।
বিশ্ব বক্সিং চেম্পিয়নশ্বিপত নিশান্তই ৭১ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছিল। তেওঁ পেৰিছৰ বাবে যোগ্যতা অৰ্জনৰ শেষ সুযোগ আছিল। যদিও তেওঁ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰাৰ নিশ্চয়তা নাই। অল ইণ্ডিয়া বক্সিং এছ’চিয়েশ্যনে উপযুক্ত বুলি বিবেচনা কৰিলে নিজ নিজ শাখাৰ আন যিকোনো বক্সাৰকো অলিম্পিকলৈ পঠিয়াব পাৰে। পুৰুষৰ বক্সিঙত আৰু দুটা বা তিনিটা কোটা লাভ কৰাৰ সুযোগ আছে ভাৰতে।
ইয়াৰ পূৰ্বে ভাৰতৰ বাবে পেৰিছ অলিম্পিকৰ কোটা লাভ কৰিছে মহিলাৰ ৫০ কেজি শাখাত নিখাত জাৰিন, ৫৪ কেজি শাখাত প্ৰীত পাৱাৰ আৰু ৭৫ কেজি শাখাত লাভলীনা বৰগোহাইয়ে ৷