প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অংশুমান গাইকোৱাড়ৰ দেহাৱসান ঘটিছে ৷ বুধবাৰে নিশা প্ৰবীণ ক্ৰিকেটাৰগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ ৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়। কিছুদিন পূৰ্বে তেওঁক উন্নত চিকিৎসাৰ বাবে লণ্ডনলৈ নিয়া হৈছিল। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি হোৱাত তেওঁক এমাহ পূৰ্বে পুনৰ স্বদেশলৈ ঘূৰাই আনিছিল। তেতিয়াৰ পৰাই তেওঁৰ গৃহ চহৰ বৰোদাতে চিকিৎসাধীন হৈ আছিল ৷ কিন্তু বুধবাৰে নিশা তেওঁৰ মৃত্যু ঘটে।
উল্লেখ্য যে গায়কোৱাড়ে ২২ বছৰীয়া কেৰিয়াৰত দেশৰ হৈ ৪০ খন টেষ্ট খেলিছিল। ১৯৭৪ চনত কলকাতাৰ ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক ঘটা অংক্ৰিকেটাৰ গৰাকীয়ে ৪০খন টেষ্টত ৩০.০৭ গড়ে ১৯৮৫ ৰান সংগ্ৰহ কৰিছিল।তেওঁৰ অর্জন কৰিছে দুটা শতক আৰু ১০ টা অৰ্ধশতক।তেওঁৰ সৰ্বাধিক ৰান হৈছে ২০১। ইয়াৰোপৰি ১৫খন এদিনীয়া মেচ খেলিছিল অংশুমানে।তেওঁ ২০.৬৯ গড়ে ২৬৯ ৰাণ সংগ্ৰহ কৰিছিল এদিনীয়া সংস্কৰণত।
এইগৰাকী প্ৰবীণ ক্ৰিকেটাৰৰ বিয়োগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাহুল দ্ৰাবিড়, কপিল দেৱ তথা আন আন বহুসংখ্যক লোকে শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমত কয় –‘অংশুমান গায়কোৱাড়ে ক্ৰিকেটলৈ আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ ৰ’ব। তেওঁ এজন প্ৰতিভাশালী খেলুৱৈ আৰু এজন উৎকৃষ্ট প্ৰশিক্ষক আছিল। তেওঁৰ মৃত্যুত মর্মাহত ৷ তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।‘