লিয়নেল মেছি অথবা কাইলিয়ান এমবাপে নাথাকিলেও ফুটবলত আৰ্জেণ্টিনা-ফ্ৰান্সৰ মুখামুখি হোৱাৰ মেচৰ ওপৰত দৃষ্টি নিৱদ্ধ হৈ থাকে সমগ্ৰ বিশ্বৰ ৷ যোৱা বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাই ফ্ৰান্সক পৰাস্ত কৰিছিল। পুনৰ পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত দুয়োটা দল মুখামুখি হ’ব।
গ্ৰুপ এৰ অন্তিমখন খেলত ফ্ৰান্সে নিউজিলেণ্ডক ৩-০ গ’লত পৰাস্ত কৰি শীৰ্ষস্থান দখল কৰে। আনহাতে, প্ৰথমখন মেচত মৰক্কোৰ হাতত পৰাস্ত হৈ আৰ্জেণ্টিনাই গ্ৰুপ বিত দ্বিতীয় স্থান দখল কৰে। তাৰ বাবেই দুয়োটা দল কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব। যদিহে আৰ্জেণ্টিনাই গ্ৰুপত জয়ী হ’লহেঁতেন তেন্তে দুয়োটা দলে কোৱাৰ্টাৰ ফাইনেলত মুখামুখি নহ’লহেঁতেন।
আৰ্জেণ্টিনাৰ প্ৰশিক্ষক মেছিৰ প্ৰাক্তন সতীৰ্থ জেভিয়াৰ মাস্কেৰানো। ফ্ৰান্সৰ দায়িত্বত আছে থিয়ৰী হেনৰী। খেলুৱৈ হিচাপে এই দুজন ফুটবলাৰ ইজনে সিজনৰ বিৰুদ্ধে খেলিছিল। এইবাৰ প্ৰশিক্ষক হিচাপে তেওঁলোকৰ যুঁজ হ’ব অলিম্পিকত।
শুকুৰবাৰে নিশা ১২:৩০ বজাত আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত মেচ অনুষ্ঠিত হ’ব। বাকী তিনিখন কোৱাৰ্টাৰ ফাইনেল মৰক্কো বনাম আমেৰিকা, জাপান বনাম স্পেইন আৰু ইজিপ্ত বনাম পেৰাগুৱেৰ মাজত অনুষ্ঠিত হ’ব।