কেইবা বছৰৰ বিৰতিৰ অন্তত আৰ্চেনাল প্ৰিমিয়াৰ লীগৰ শীৰ্ষস্থানৰ পৰা স্থানচ্যুত হয়। বুধবাৰে নিশা ঘৰুৱা ক্ষেত্ৰত মানচেষ্টাৰ চিটিৰ হাতত ১-৩ গ’লত পৰাস্ত হয় আর্চেনাল । ইয়াৰ লগে লগে পেপ গুৱাৰ্ডিঅ’লাৰ দলটো শীর্ষ স্থানলৈ উন্নীত হয়। আৰ্চেনালৰ সৈতে পইণ্টৰ ক্ষেত্ৰত সমতা স্থাপন কৰাৰ পিছতো গ’লৰ পাৰ্থক্যৰ বাবে চিটিয়ে শীৰ্ষস্থান দখল কৰে ৷
ইপিএলত মানচেষ্টাৰ চিটিৰ বিৰুদ্ধে যোৱা দহখন মেচত পৰাস্ত হৈছে আৰ্চেনাল। ২৪ মিনিটত কেভিন দ্য ব্ৰুইনে চিটিক অগ্ৰগতি প্ৰদান কৰে। প্ৰথমাৰ্ধত বুকায়ো ছাকাৰ পেনাল্টিৰ পৰা আৰ্চেনালে সমতা স্থাপন কৰে। প্ৰথমাৰ্ধত তেওঁলোকে যথেষ্ট আধিপত্য বিস্তাৰ কৰিছিল। কিন্তু বিৰতিৰ পিছত তেওঁলোকে সেই ক্ষমতা ধৰি ৰাখিব নোৱাৰিলে।
মাইকেল আৰ্টেটাৰ দলটোৱে এটাৰ পিছত এটা ভুল কৰিছিল। ফলত চিটিয়ে মেচখনত আধিপত্য বিস্তাৰ কৰে। তেওঁলোকৰ এটা পেনাল্টি আপীল ভিডিঅ’ এচিষ্টেণ্ট ৰেফাৰীয়ে (ভিএআৰ) খাৰিজ কৰে। কিন্তু চিটিয়ে ৭২ মিনিটত জেক গ্ৰেলিছৰ গ’লটো দি আগবাঢ়ি যায়। ইয়াৰ পিছত আৰ্লিং হালেণ্ডে গ’ল দিয়ে, যিটো লীগত তেওঁৰ ২৬ সংখ্যক গ’ল। ২০০৪ চনৰ পিছত আৰ্চেনালৰ লীগ জয়ৰ সপোনত এই পৰাজয়ৰ ফলত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। যোৱা তিনিখন মেচত তেওঁলোকে মাত্ৰ এটা পইণ্টহে লাভ কৰিছিল।
খেলৰ অন্তত আৰ্টেটাই কয়, ‘যদি তিনিটা গ’ল দিয়া হয়, তেন্তে মেচত পৰাস্ত হোৱাৰ বাহিৰে আন কোনো উপায় নাই। আমাৰ বাবে লাজৰ কথা। চিটিৰ বিৰুদ্ধে কোনো অন্যায়ৰ কোনো অজুহাত নাই। আজি আমি তাত বহুত ভুল কৰিলোঁ।” আনহাতে চিটিৰ প্ৰশিক্ষক গুৱাৰ্ডিঅ’লাই কয়, ‘প্ৰথমাৰ্ধত তেওঁলোকে আমাতকৈ ভাল খেলিছিল। কিন্তু দ্বিতীয়াৰ্ধত আমি আধিপত্য বিস্তাৰ কৰিলোঁ। খেলুৱৈৰ মানদণ্ডই দুয়োটা দলৰ মাজত পাৰ্থক্য সৃষ্টি কৰিছিল।’
ইফালে চেম্পিয়নছ লীগত পৰাস্ত হয় চেলছী। কৰিম আদেয়েমিৰ গ’লেৰে ডৰ্টমুণ্ডৰ হাতত পৰাস্ত হয়। আনখন খেলত বেনফিকাই ক্লাব ব্ৰুগক ২-০ গ’লত পৰাস্ত কৰে। লা লিগাত এলচেক ৪-০ গ’লত পৰাস্ত কৰে ৰিয়েল মাদ্রিদে। কৰিম বেনজেমাই দুটা গ’ল দিয়ে। মাৰ্কো আচেনচিঅ’ আৰু লুকা মড্ৰিচৰ এটাকৈ গ’ল দিয়ে ।