এছিয়ান গেমছত দুবাৰকৈ সোণৰ পদক বিজয়ী তথা অলিম্পিয়ান হৰি চান্দৰ ৬৯ বছৰ বয়সত সোমবাৰে পুৱা মৃত্যু হয়।১৯৫৩ চনৰ ১ এপ্ৰিলত জন্মগ্ৰহণ কৰা দৌৰবিদগৰাকীৰ ঘৰ পঞ্জাৱৰ হোছিয়াৰপুৰৰ ঘোৰেৱা গাঁৱৰ। ভাৰতৰ দীৰ্ঘ দূৰত্বৰ অন্যতম শ্ৰেষ্ঠ দৌৰবিদসকলৰ অন্যতম হৈছে চান্দ।
তেওঁ দুবাৰ অলিম্পিক গেমছত অংশ লৈছিল। ১৯৭৬ চনৰ মণ্ট্ৰিলত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ১০ হাজাৰ মিটাৰ দৌৰত ২৮:৪৮.৭২ সময় লৈ অষ্টম স্থান দখল কৰিছিল ৷ এই অভিলেখ ৩২ বছৰ ধৰি অক্ষুন্ন আছিল ৷ সুৰেন্দ্ৰ সিঙে এই অভিলেখ ভংগ কৰে ৷ ইয়াৰ পিছতে চান্দে ১৯৮০ চনৰ অলিম্পিক পুৰুষ মাৰাথনত অংশগ্ৰহণ কৰে ৷ মস্কভাৰ লেনিন ষ্টেডিয়ামত ২:২২:০৮ সময়েৰে দৌৰ সম্পূৰ্ণ কৰে তেওঁ ।
১৯৭৮ চনৰ বেংকক এছিয়ান গেমছত অবিশ্বাস্যভাৱে দুটা সোণৰ পদক লাভ কৰিছিল চান্দে। থাইলেণ্ডত ৫০০০ মিটাৰ আৰু ১০ হাজাৰ মিটাৰ দুয়োটা ইভেণ্টতে পদক লাভ কৰিছিল চান্দে ।ভাৰতৰ ক্ৰীড়ালৈ আগবঢ়োৱা অৱদানৰ বাবে হৰি চান্দক অৰ্জুন বঁটাও প্ৰদান কৰা হয়।