দিল্লীত অনুষ্ঠিত খেল’ ইণ্ডিয়া পেৰা গেমছত পুনৰ সাফল্য লাভ কৰিছে দুই অসমৰ দুই কন্যা সন্তানে ৷ অনিস্মিতা কোঁৱৰে লং জাম্প ইভেণ্টত সোণৰ পদক লাভ কৰাৰ বিপৰীতে চিৰঞ্জিতা ভৰালীয়ে পেৰা বেডমিণ্টন ইভেণ্টত ৰূপৰ পদক লাভ কৰিছে। ইয়াৰ লগে লগে খেল’ ইণ্ডিয়া পেৰা গেমছত অসমৰ পদকৰ সংখ্যা তিনিটালৈ বৃদ্ধি পালে ৷ অসমে এটা সোণ,এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷